গুৱাহাটী, ২২ এপ্ৰিল : অহা ১০ মে’ত দুবছৰ সম্পূৰ্ণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে । এতিয়া এই লৈ ব্যাপক প্ৰস্তুতি চলাইছে প্ৰশাসনে (Himanta Biswa Sarma government) ৷ ঘনে ঘনে বহিছে বৈঠক । অহা ১১ মে'ৰ ত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি (Ministerial Report Card)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম চৰকাৰে মহা-আড়ম্বৰেৰে খানাপাৰাত অনুষ্ঠিত কৰিব দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷
ইয়াৰ সমান্তৰালকে ১০ মে', ২০২১ ৰ পৰা ১০ মে’, ২০২৩ লৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰৰ কাৰ্য পৰিক্ৰমা, সফলতা-বিফলতা মাপজৰীৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু মন্ত্ৰী সভা । অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানক লৈয়ো এতিয়া আৰম্ভ হৈছে নানা সমালোচনাও (2nd anniversary of Himanta government ) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এতিয়া বিভাগীয় মন্ত্ৰীসকলৰ কাৰ্যকালৰ কাম-কাজৰ খতিয়ান বিচাৰিছে । বিভাগীয় কাম-কাজৰ এই খতিয়ানকেই মন্ত্ৰীৰ ৰিপোৰ্ট কাৰ্ডৰূপে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ মন্ত্ৰীৰ ৰিপোৰ্ট কাৰ্ডৰ ভিত্তিতেই হ'ব পাৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ-ৰদ-বদল (Changes in Assam cabinet)।
সেয়ে এই আয়োজনক লৈ ৰাজ্যৰ মন্ত্ৰীসভাৰ মাজত যি উৎসাহ দেখা পোৱা লাগিছিল সেই উৎসাহ নাই শৰ্মা মন্ত্ৰীসভাৰ মাজত । কিয়নো চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিয়ে কাঢ়িব পাৰে বহুতৰে মন্ত্ৰিত্ব ৷ কৰ্তন হোৱাৰ সম্ভাৱনা আছে কেইবাজনো মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ ৷ নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈও শংকিত হৈ পৰিছে একাংশ মন্ত্ৰী ।
দিছপুৰত চৰ্চা অনুসৰি বৰ্ষপূৰ্তিৰ ঠিক পাচতেই মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাত সালসলনি কৰাৰো সম্ভাৱনা আছে ৷ মন্ত্ৰীসভাৰ ৰদ-বদল প্ৰসংগত দলীয় ৰাজনীতিত অসন্তুষ্টি মৰিষণৰ বাবে মুখ্যমন্ত্ৰীয়ে হাতত লৈছে বিশেষ ব্যৱস্থা । বিভাগীয় কাম-কাজৰ সফলতা-বিফলতাৰ খতিয়ান লৈ প্ৰস্তুত কৰা ৰিপোৰ্ট কাৰ্ড প্ৰদান কৰা হ'ব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ তথা অনুষ্ঠানত উপস্থিত থাকিবলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ হাতত । দ্বিতীয় বৰ্ষপূৰ্তিৰ সময়ত সংগ্ৰহ কৰা মন্ত্ৰীৰ কাম-কাজৰ খতিয়ান অৰ্থাৎ ৰিপোৰ্ট কাৰ্ড হ'ব মন্ত্ৰী সভাৰ ৰদ-বদলৰ মূল আধাৰ ।
ইতিমধ্যে বহু বিভাগৰ ক্ষেত্ৰত আছে বহু অভিযোগ ৷ নিৰ্ধাৰিত সময় অনুসৰি কাম কৰিব নোৱাৰা অভিযোগ আছে বহু মন্ত্ৰীৰ বিৰুদ্ধে । নিয়াৰিকৈ বিভাগ চলোৱাত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ আছে বহু মন্ত্ৰীৰ বিৰুদ্ধে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী বিভাগ চলোৱাত ব্যৰ্থ মন্ত্ৰীৰ যাব পাৰে মন্ত্ৰীত্ব ৷ সলনি হ’ব পাৰে বিভাগ ৷ চৰ্চালৈ আহিছে মন্ত্ৰী ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, যোগেন মহন, নন্দিতা গাৰ্লোচা আদিৰ নাম ৷ সেয়ে স্বাভাৱিকতে প্ৰশ্ন উঠিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্ত্ৰীত্ব থাকিবনে ? মন্ত্ৰীৰ চকী অক্ষুন্ন হৈ থাকিবনে বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ ? মন্ত্ৰীত্ব নাইবা নিজৰ বিভাগ ধৰি ৰাখিব পাৰিব নে যোগান মন্ত্ৰী ৰঞ্জিত দাসে ? ৰাজহমন্ত্ৰী যোগেন মোহনৰ কি হ'ব ? শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাৰো মন্ত্ৰীত্ব থাকিবনে ?
লগতে পঢ়ক:Al Qaeda threating : অল কায়দাই কিয় ভাবুকি দিলে ভাৰতক ?
এক কথাত মন্ত্ৰীত্বক লৈ একপ্ৰকাৰৰ আশংকাত ভুগিছে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ একাংশ মন্ত্ৰীয়ে ৷ সেয়ে এতিয়া দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে উদযাপনৰ প্ৰস্তুতিৰ উৎসাহত নহয়, শংকাতহে দিন পাৰ কৰিছে হিমন্ত মন্ত্ৰীসভাৰ বহু মন্ত্ৰীয়ে। ৷ মুখ্যমন্ত্ৰীৰ একান্ত ঘনিষ্ঠ আৰু অনুগতসকলৰ বাদে দিছপুৰত এতিয়া বুকু দুৰু দুৰু মন্ত্ৰীসকলৰ ৷ কাৰণ বৰ্ষপূৰ্তি অনুষ্ঠানত ৰিপোৰ্ট কাৰ্ড জমা দিয়া হ’ব দিল্লীৰ ওচৰত ৷