গুৱাহাটী,5 ফেব্ৰুৱাৰী: ৰাজ্যৰ শিক্ষাখণ্ডলৈ সুখবৰ ৷ শুকুৰবাৰে সৰুসজাইত ষ্টেডিয়ামত সম্পন্ন কৰা হ’ল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হ’ল ৷ পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠান প্ৰাদেশীকৰণৰ যোগেদি পুনৰ ১৬,২১৭ শিক্ষকক নিযুক্তি প্ৰদান কৰ হ’ব ৷ লগতে টেট উত্তীৰ্ণ ১৩,২১৭ শিক্ষকে লাভ কৰিব নিযুক্তি ৷
উল্লেখ্য যে, শুকুৰবাৰৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০০৬ চনৰ পিচত গঠন হোৱা কোনো শিক্ষানুষ্ঠান প্ৰদেশীকৰণ কৰা নহয় ৷ আনহাতে, অসমৰ প্ৰতিজন যোগ্য শিক্ষকক প্ৰাদেশিকৰণ কৰা হ’ব বুলি মন্তব্য শিক্ষামন্ত্ৰীৰ । নতুনকৈ শিক্ষানুষ্ঠান নুখুলিবলৈ আহ্বান জনালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মেধাৰ ভিত্তিত জিলা সমূহত নিযুক্তি দিয়া হৈছে । ৫ হাজাৰ শিক্ষকক আৰু প্ৰাদেশিকৰন কৰা হ’ব । প্ৰতিখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব বুলি ঘোষনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।