গুৱাহাটী, 6 অক্টোবৰঃ গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে 29 খনকৈ চুৰি বাইক ৷ ষ্টেচনত থকা 'পাৰচেল গুদাম'ৰ পৰা উদ্ধাৰ কৰে চুৰি বাইককেইখন ৷
গুৱাহাটীত 29 খন চুৰি বাইক জব্দ ৰে'ল আৰক্ষীৰ - ৰে'ল আৰক্ষী
গুৱাহাটী ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত থকা 'পাৰচেল গুদাম'ত অভিযান চলাই 29 খন চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ৷
গুৱাহাটী ৰে'ল আৰক্ষীয়ে গুৱাহাটী ৰে'ল ষ্টেচনত থকা 'পাৰচেল গুদাম'ত এক অভিযান চলাই 29 খন চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জব্দ কৰা বাইক সমূহ কোনো দুষ্ট চক্ৰই বিভিন্ন ৰাজ্যৰ পৰা ৰে'ল যোগে গুৱাহাটীলৈ আনিছিল । উল্লেখ্য যে, উদ্ধাৰ কৰা বাইকসমূহ দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, ছত্তিশগড়, ৰাজস্থান, মণিপুৰ আদি বিভিন্ন ৰাজ্যৰ পঞ্জীয়নকৃত বুলি জানিব পৰা গৈছে । ইয়াৰপূৰ্বে ৰে'ল আৰক্ষীয়ে 16 খনকৈ বুলেট সহ এটা মণিপুৰৰ ৱাৰিষ খান নামৰ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিছিল । আনহাতে যোৱা 25 চেপ্তেম্বৰৰ পৰা আজিলৈকৈ মুঠ 45 খন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ৰে'ল আৰক্ষীয়ে । ইতিমধ্যে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ৷