গুৱাহাটী, 24 ফেব্ৰুৱাৰীঃসোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ২৮ সংখ্যক দীক্ষান্ত সমাৰোহ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায় ২৫০০ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ডিগ্ৰী । গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্যপ্ৰফেচৰ জগদীশ মুখী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ চক্ৰৱৰ্তীয়ে শিক্ষাৰ্থীসকলক প্ৰদান কৰে ডিগ্ৰী । তাৰোপৰি এই অনুষ্ঠানতেই অসমৰ প্ৰখ্যাত সাহিত্যিক অৰূপ কুমাৰ দত্তক সন্মানীয় ডি লিট আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহক সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান হয় । ইফালে এই সন্মান লাভ কৰি যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে সাহিত্যিক অৰূপ কুমাৰ দত্ত আৰু বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহই ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহ - ২৮ সংখ্যক দীক্ষান্ত সমাৰোহ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ চক্ৰৱৰ্তীয়ে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰে ৷
২৮ সংখ্যক দীক্ষান্ত সমাৰোহ