গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী :জনহিত জনসেৱাৰ্থে নিয়োজিত হৈ থকা অসম আৰক্ষীৰ বিৰুদ্ধে প্ৰায়ে বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাটো কোনো নতুন কথা নহয় (Various allegation against Assam Police) । একাংশ আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানৰ আচৰণ-ব্যৱহাৰৰ বাবে অসম আৰক্ষীৰ খাকী পোছাকত দাগ নলগাকৈ থকা নাই । ৰাইজৰ সেৱাৰ বাবে নিয়োজিত কিছুসংখ্যক অসম আৰক্ষীয়ে ৰাইজৰ প্রতি থাকিবলগীয়া দায়বদ্ধতা পাহৰি পেলোৱাটো প্ৰায়ে পৰিলক্ষিত হয় । যাৰ বাবেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) প্ৰায়ে আৰক্ষীক নিজৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিবলগীয়া হৈছে ।
কিন্তু তথাপিও আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । শেহতীয়াকৈ ৰাজ্যসভাত অসম আৰক্ষীৰ এক নেতিবাচক ছবি উন্মোচিত হৈছে । তথ্য অনুসৰি, ২০১৭ চনৰ পৰা এই পৰ্যন্ত অসমত আৰক্ষীৰ লকআপত ২৮ জন কয়দীৰ মৃত্যু হৈছে (Prisoners died in Assam police lockup in 5 years) । ইয়াৰে ২০১৭-১৮ চনত ১১ জনৰ, ২০১৮-১৯ চনত ৫ জনৰ, ২০১৯-২০ চনত ২ জনৰ, ২০২০-২১ চনত এজনৰ আৰু ২০২১-২২ চনত ৯ জনৰ মৃত্যু হয় । আনহাতে, সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ তথ্য আৰু অধিক ভয়াৱহ । ২০১৭ চনৰ পৰা এই পৰ্যন্ত দেশত ৬৬৯ গৰাকী আচামীৰ মৃত্যু হৈছে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ।
২০২১-২২ চনৰ তালিকা অনুসৰি, পৰিসংখ্যাৰ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ ৷ দ্বিতীয় স্থানত আছে গুজৰাট । একেদৰে তৃতীয় আৰু চতুৰ্থ স্থানত ক্ৰমে বিহাৰ আৰু ৰাজস্থান আছে । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত (National Human Rights Commission) ৰুজু হোৱা গোচৰৰ ভিত্তিত এই তথ্য প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে তথ্য অনুসৰি, অসম আৰক্ষীৰ আচৰণ জনতাৰ প্ৰতি সুবিধাজনক নহয় । ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ (State Police Accountability Commission) প্ৰতিবেদনতো অসম আৰক্ষীৰ এখন নেতিবাচক ছবি দেখিবলৈ পোৱা গৈছে । আয়োগৰ প্ৰতিবেদন অনুসৰি, অসম আৰক্ষীয়ে অৰ্ধশতাধিক গুৰুতৰ অসদাচৰণ আৰু দুই শতাধিক অসদাচৰণৰ ঘটনা সংঘটিত কৰিছে ।