অসম

assam

ETV Bharat / state

এক-তৃতীয়াংশ প্ৰাপ্তবয়স্কই ধুমপানৰ প্ৰতি আসক্ত - মিজোৰাম

ধুম্ৰপানৰ বাবে পোন্ধৰ বছৰকৈ কমে আয়ুস ৷ ‘Global Adult Tobacco Survey’ ৰ ৰিপৰ্ট অনুসৰি 28.6 শতাংশ প্ৰাপ্তঃবয়স্ক ভাৰতীয়ই ধুমপানৰ প্ৰতি আসক্ত ৷ 92.4 শতাংশ ধুমপান ব্যৱহাৰকাৰী কৰ্কট,হৃদ ৰোগ,পেৰেলাইচিছ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত

এক-তৃতীয়াংশ প্ৰাপ্তবয়স্ক ধুমপানৰ প্ৰতি আসক্ত

By

Published : Jul 10, 2019, 1:27 PM IST

নিউজ ডেস্ক,10 জুলাই : অধিক মাত্ৰাত ধুমপান সেৱন আমাৰ দেশৰ নাগৰিকৰ আয়ুস কমি অহাৰ এক প্ৰধান কাৰণ ৷ ধুম্ৰপানৰ বাবে গড়ে পোন্ধৰ বছৰকৈ আয়ুস কমি আহিছে ৷ ইয়াৰ প্ৰভাৱ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণৰ ভিতৰত সৰ্বাধিক ৷ ‘Global Adult Tobacco Survey’ৰ ৰিপৰ্ট অনুসৰি 28.6 শতাংশ প্ৰাপ্তঃবয়স্ক ভাৰতীয়ই ধুমপানৰ প্ৰতি আসক্ত ৷ অৰ্থাৎ প্ৰায় তিনিগৰাকী প্ৰাপ্তঃবয়স্কৰ বিপৰীতে এগৰাকী ব্যক্তিয়ে ধুমপান কৰে ৷

সৰ্বভাৰতীয় পৰ্যায়ত ধুমপানকাৰীৰ ৰাষ্ট্ৰীয় গড় 10.7 শতাংশ ৷ এইক্ষেত্ৰত 34.4 শতাংশৰে শীৰ্ষত আছে মিজোৰাম ৷ আমাৰ চুবুৰীয়া ৰাজ্যখনৰ 34.4 শতাংশ জনতাই ধুমপান ব্যৱহাৰ কৰে ৷ ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰৰ 3.8 শতাংশ জনসাধাৰণ ধুম্ৰপানৰ প্ৰতি আসক্ত ৷ প্ৰতিবেদনৰ তথ্য অনুসৰি ছিকিম,ঝাৰখণ্ড,অসম,উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত ধুমপানকাৰীৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ অধিক ৷ আনহাতে,তামিলনাডু, মধ্যপ্ৰদেশ, তেলেংগানা,বিহাৰ আৰু গোৱাত ইয়াৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ কম ৷
দেখা যায় যে,প্ৰায় 92.4 শতাংশ ধুমপান ব্যৱহাৰকাৰী কৰ্কট,হৃদ ৰোগ, পেৰেলাইচিছ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত হয় ৷ কৰ্কট ৰোগৰ 30 শতাংশ কাৰকৰ মূলতেই হ’ল ধুমপান সেৱন৷

ABOUT THE AUTHOR

...view details