নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ : দেওবাৰে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে ৰিহাবাৰীৰ এম এছ কামৰূপা লজত এক অভিযান চলায় ৷ এই অভিযানত 26 গৰাকী সন্দেহযুক্ত ব্যক্তিক আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন লোককেইজনৰ ভিতৰত 16 গৰাকী পুৰুষ আৰু 10 গৰাকী মহিলা ৷
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে ধৃত 26 গৰাকী লোকেই ম্যানমাৰৰ চীন প্ৰদেশৰ বাসিন্দা ৷ তেওঁলোকে বাইবেল (থিঅ’ল’জী) অধ্যয়নৰ বাবে দিল্লীলৈ যাবলৈ আহিছিল ৷ অভিযানকাৰী দলটোৱে তেওঁলোকৰ পৰা ভুৱা ভাৰতীয় নথি-পত্ৰ যেনে- আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদি জব্দ কৰিবলৈ সক্ষম হৈছে ৷