Intro:Body:
নিউজ ডেস্ক, 15 আগষ্ট : ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ মে’ মাহৰ 1 তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে বিদ্যালয় আৰম্ভ নোহোৱা পৰ্যন্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক শিক্ষাৰ্থীৰ মাহেকীয়া মাচুল 25 শতাংশ ৰেহাই দিবলৈ পৰামৰ্শ শিক্ষামন্ত্ৰীৰ ৷ প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ শিক্ষাৰ্থীৰ বাবে এই ৰেহাই প্ৰদানৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ৷