অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ চৰকাৰ হ'লে ব্যক্তিগত খণ্ডত পাব ২৫ লাখ চাকৰি: দেৱব্ৰত শইকীয়া - CONGRESS OFFER FOR ELECTION

গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেল যোগে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত মুকলি কৰে www.congressor5guarantee.in ৱেবছাইটতো ৷ ৱেবচাইট মুকলি কৰা অনুষ্ঠানত কংগ্ৰেছ দলৰ দলপতি দেৱব্ৰত শইকীয়াই উপস্থিত থাকি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি কয়, বিজেপিয়ে ৫০ লাখ, ১ কোটি নাইবা অসমৰ জনসংখ্যাতকৈও বেছি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰে ।

কংগ্ৰেছৰ চৰকাৰ হ'লে ব্যক্তিগত খণ্ডত পাব ২৫ লাখ চাকৰি: দেৱব্ৰত শইকীয়া
কংগ্ৰেছৰ চৰকাৰ হ'লে ব্যক্তিগত খণ্ডত পাব ২৫ লাখ চাকৰি: দেৱব্ৰত শইকীয়া

By

Published : Mar 4, 2021, 5:17 PM IST

Updated : Mar 4, 2021, 5:25 PM IST

গুৱাহাটী,4 মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ভোটাৰ ৰাইজক আকৰ্ষণ কৰাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী ৷ শাসকীয় দলৰ সমান্তৰাল ভাৱে চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছেও ৷ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৫ টা গেৰাণ্টি লৈ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা কংগ্ৰেছে বৃহস্পতিবাৰে কংগ্ৰেছে মুকলি কৰিলে চাকৰি গেৰাণ্টি ৱেবছাইট ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদমেল যোগে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত মুকলি কৰে www.congressor5guarantee.in ৱেবছাইটতো ৷

কংগ্ৰেছৰ চৰকাৰ হ'লে ব্যক্তিগত খণ্ডত পাব ২৫ লাখ চাকৰি: দেৱব্ৰত শইকীয়া

এই ৱেবচাইট মুকলি কৰা অনুষ্ঠানত কংগ্ৰেছ দলৰ দলপতি দেৱব্ৰত শইকীয়াই উপস্থিত থাকি বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ সংবাদমেলত শইকীয়াই কয়, বিজেপি চৰকাৰে অসমৰ সম্পদসমূহ গুজৰাটৰ ব্যৱসায়ীক গতাই দিছে। অসমৰ চাহ উদ্যোগ হস্তগত কৰিছে গুজৰাটৰ ব্যৱসায়ীয়ে। আমাৰ চৰকাৰ অহাৰ লগে লগে ঔদ্যোগিক খণ্ডৰ বিকাশ সাধন কৰা হ'ব। থলুৱা ব্যৱসায়ীক অগ্ৰাধিকাৰ দিয়া হ'ব।

ইফালে নিৱনুৱা সংস্থাপন সন্দৰ্ভত শইকীয়াই কয়, আমাৰ চৰকাৰ আহিলে চৰকাৰী খণ্ডৰ উদ্যোগত স্থানীয় লোকে অগ্ৰাধিকাৰ পাব। ব্যক্তিগত খণ্ডৰ চাকৰিতো থলুৱাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। আমি ৫ বছৰত ৫ লাখ চাকৰি সৃষ্টি কৰাৰ উপৰিও ব্যক্তিগত খণ্ডত ২৫ লাখ চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ এই গেৰাণ্টিযুক্ত ঘোষণাৰ পাছত বিজেপিয়ে ৫০ লাখ, ১ কোটি নাইবা অসমৰ জনসংখ্যাৰ ওপৰত গৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিব পাৰে ।

লগতে পঢ়ক:টিংখাঙত চিপিআইএমএলৰ মনোনয়ন পত্ৰ সংগ্ৰহ

Last Updated : Mar 4, 2021, 5:25 PM IST

ABOUT THE AUTHOR

...view details