অসম

assam

ETV Bharat / state

পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ 24 টা বৰ্ষ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

1996 চনৰ 17 মে'ত আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল পৰাগ কুমাৰ দাসে ৷ অসমৰ ইতিহাসৰ ক'লা দিন ৰূপে পৰিচিত এই দিনটোতে পৰিয়াল আৰু তেখেতৰ গুণমুগ্ধই প্ৰতি বছৰে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে পৰাগ কুমাৰ দাসক ৷

24th death anniversary of Porag kumar Das
পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ 24 টা বৰ্ষ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

By

Published : May 17, 2020, 3:26 PM IST

গুৱাহাটী, 17 মে': আজি অসমৰ সংবাদ জগতৰ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ 24 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 1996 চনৰ 17 মে'ত আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল পৰাগ কুমাৰ দাসে ৷ অসমৰ ইতিহাসৰ ক'লা দিন ৰূপে পৰিচিত এই দিনটোতে পৰিয়াল আৰু তেখেতৰ গুণমুগ্ধই প্ৰতি বছৰে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে পৰাগ কুমাৰ দাসক ৷ ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিত্ৰাণ বিচাৰি তথা আত্মনিয়ন্ত্ৰনৰ অধিকাৰেৰে স্বদেশ স্বজাতিৰ বাবে কলম হাতত তুলি প্ৰাণ বিসৰ্জন দিয়া সেই গৰাকী পৰাগ দাসৰ বাবে যেন ন্যায় যেন এক অলীক সপোন ! কিয়নো বিগত 24 টা বৰ্ষত ন্যায় ব্যৱস্থাই চিণাক্ত কৰিব নোৱাৰিল নিৰ্ভীক সাংবাদিক গৰাকীৰ হত্যাকাৰীক ৷

পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ 24 টা বৰ্ষ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

অসমৰ জাতীয়তাবাদৰ সপোন দেখা নিৰ্ভীক আৰু স্বতন্ত্ৰ সাংবাদিক পৰাগ কুমাৰ দাসে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কলমেৰে নিগৰাইছিল ক্ষোভৰ জুই ৷ আৰু তাৰেই যেন পৰিণতি আছিল মৃত্যু ৷ কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আজিও চিণাক্ত নহল অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতি প্ৰাণ হেৰুৱাব লগা হোৱা সেই গৰাকী পৰাগ দাসৰ হত্যাকাৰী ৷ তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি জেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয় যে বিগত দুটা বছৰত অসম আৰু অসমীয়াৰ প্ৰতি ভাবুকি বাঢ়িছে আৰু ইয়াৰ সমান্তৰালকৈ পৰাগ কুমাৰ দাসৰ প্ৰাসংগিকতা দিনক দিনে বৃদ্ধি পাইছে ৷

পৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ 24 টা বৰ্ষ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

আনহাতে সাংবাদিক মনোৰম গগৈয়ে মন্তব্য কৰে যে, "আজি পৰ্যন্ত ন্যায়ালয়ৰ মজিয়াত পৰাগ কুমাৰ দাসৰ হত্যাকাৰী চিনাক্ত নোহোৱাটো ঘটনাই এই কথাই সূচায় যে, এই হত্যাকাণ্ডৰ আঁৰত ৰাজনৈতিক শক্তিৰ ষড়যন্ত্ৰ লুকাই আছে "৷ নিৰ্ভীক সাংবাদিক তথা মানবঅধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 24 সংখ্যক মৃত্যু বাৰ্ষিকীত তেখেতলৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি ৷ তেখেতৰ কলমৰে নিগৰা প্ৰতিটো লেখনিয়ে অসমৰ ভৱিষ্যতৰ নিৰ্ভীক, স্পষ্টবাদী সাংবাদিকৰ মনোবল বঢ়াবলৈ নিশ্চিত ভাৱে অনুপ্ৰেৰণা যোগাব ৷ কিন্তু আজিও প্ৰতিগৰাকী অসমীয়াৰ মনত এটাই প্ৰশ্ন, কেতিয়া চিণাক্ত হ'ব পৰাগ কুমাৰ দাসৰ হত্যাকাৰী ? পৰাগ কুমাৰ দাসৰ বাবে ন্যায় কেতিয়া?

লগতে পঢ়কঃ মহানগৰীত পুনৰ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পি পি ই কিট !

ABOUT THE AUTHOR

...view details