অসম

assam

ETV Bharat / state

অসমত ২৪৫ গৰাকী নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত - অসমত ২৪৫ গৰাকী নতুনকৈ ক'ৰণাত আক্ৰান্ত

বিগত 24 ঘণ্টাত অসমত ২৪৫ গৰাকী নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত ৷ ইয়াৰ ভিতৰত 128 গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷ অতিমাৰী বিধক প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰেল ষ্টেচন সমূহত 24 ঘন্টাই স্ক্ৰীণিং কক্ষ সাজু কৰি ৰখাৰ লগতে দৈনিক শতাধিক যাত্ৰীৰ পৰীক্ষা ৷

245 people newly detected covid positive in assam
অসমত ২৪৫ গৰাকী নতুনকৈ ক'ৰণাত আক্ৰান্ত

By

Published : Apr 8, 2021, 10:24 PM IST

গুৱাহাটী, 8 এপ্ৰিল : ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে ক'ৰণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত ৰাজ্যত 245 গৰাকী লোক নতুনকৈ ক'ৰণাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত 128 গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷ মুঠ 22,888 গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু পৰীক্ষা অনুপাতে 1.07 শতাংশ লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷

বিগত 24 ঘণ্টাত অসমত ২৪৫ গৰাকী নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত

পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে যদিও স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভয়ৰ কোনো কাৰণ নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে ৷ উলহ-মালহেৰে বিহু উদযাপন কৰাৰ ক্ষেত্রতো কোনো বাধা নাই বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বসাধাৰণ ৰাইজ এতিয়াও আশ্বস্ত হ'ব পৰা নাই ৷

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অসমলৈ অহা লোকৰ ৰেল ষ্টেচন আৰু বিমানবন্দৰত বাবে বাধ্যতামূলক কৰা হৈছে ক’ভিড টেষ্ট

ইফালে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা অসমলৈ অহা লোকৰ ৰেল ষ্টেচন আৰু বিমানবন্দৰত ক’ভিড টেষ্ট বাধ্যতামূলক বুলি টুইটাৰ যোগে সদৰী কৰিছে ৷ ইয়াৰ বাবে ইতিমধ্যে ৰেল ষ্টেচন সমূহত 24 ঘন্টাই স্ক্ৰীণিং কক্ষ সাজু কৰি ৰখাৰ লগতে দৈনিক শতাধিক যাত্ৰীৰ পৰীক্ষা কৰা হৈছে ৷

লক্ষণীয় বিষয়টো হ'ল এইয়ে যে, ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে ভাৰতত ইতিমধ্যে ভয়াবহ ৰূপ লৈছে, যাৰ পৰিপ্ৰেক্ষিতত দেশৰ কেইবাখনো ৰাজ্যত লকডাউনৰ লগতে নাইট কাৰ্ফিউৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

লগতে পঢ়ক:ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী ক’ভিড-19ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details