গুৱাহাটী,১৪ এপ্ৰিল : প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে চাংসাৰিত নৱনিৰ্মিত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ) আৰু কোকৰাঝাৰ, নলবাৰী আৰু নগাঁৱত নৱনির্মিত চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে আই আই টি গুৱাহাটীত আছাম এডভান্সড্ হেলথকেয়াৰ ইন'ভেশ্যনৰ আধাৰশিলা স্থাপন কৰে (PM Modi visit Assam)। প্ৰধানমন্ত্রী মোডীয়ে লগতে ৰাজ্যত ১.১ কোটি আয়ুষ্মান কাৰ্ডৰ বিতৰণৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে ।
এই উপলক্ষে চাংসাৰিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন । ব'হাগ বিহু অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা আৰু এই উৎসৱমুখৰ পৰিৱেশৰ সময়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পৱিত্ৰ অসম ভূমিত উপস্থিত হৈছে । তেওঁ কয় যে, প্রধানমন্ত্ৰীয়ে এইমছ গুৱাহাটী অসমবাসী তথা দেশবাসীৰ সেৱাত উৎসর্গিত কৰিছে ।
মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত এইমছ হোৱাতো এক সপোন আছিল । অসমত এইমছৰ সপোন অসমবাসীৰ বুকুত আছিল । এই সপোনে কেতিয়াবা প্রাণ পাব সেই কথা অসমবাসীয়ে কল্পনা কৰিব পৰা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ১,১২৩ কোটি টকা ব্যয়ৰে ৭৫০ খন বিছনাযুক্ত এইমছ আজি আমাৰ বাবে সপোন নহয়, এক বাস্তৱত পৰিণত হৈছে (PM Modi inaugurates AIIMS Guwahati)।
মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে অসম চৰকাৰৰ এক পণ আৰু লক্ষ্য আছে । সেই পণ আৰু লক্ষ্যক বাস্তৱায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নগাঁও, নলবাৰী আৰু কোকৰাঝাৰত আজি চিকিৎসা মহাবিদ্যালয় শুভ উদ্বোধন কৰা হৈছে ।