ৰঙিয়া, 30 মেঃ ভাৰত-ভূটানৰ লগতে ভাৰত-নেপাল সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা সশস্ত্ৰ সীমা বলৰ 24 বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ অসমৰ ৰঙিয়াৰ মৰাণজানস্থিত বাহিনীটোৰ মুখ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷
এছ এছ বি 24 বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন ৰঙিয়াত - 24 SSB Raising Day
2002 চনত স্থাপন কৰা এছ এছ বি 24 বেটেলিয়নৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ বৰ্তমানে গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনত ৰঙিয়াৰ মৰাণজানত অৱস্থিত 24 এছ এছ বিয়ে ওদালগুৰি আৰু বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে ৷
প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে এছ এছ বি গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্যালয়ৰ ডি আই জি লহম থিনলী ৷ 24 এছ এছ বিৰ কামাণ্ডেন্ট হৃষিকেশ শৰ্মাৰ লগতে ডেপুটী কামাণ্ডেন্ট পংকজ শৰ্মাই আত ধৰা মুকলি সভাত উপস্থিত থাকে বাহিনীটোৰ বহুসংখ্যক বিষয়া-জোৱানৰ লগতে অৱসৰপ্ৰাপ্ত বিষয়া-জোৱান তথা তেওঁলোকৰ পৰিয়ালৰ লোক ৷
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিষয়া-জোৱানসকলৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ খেল-ধেমালি প্ৰতিযোগিতাৰ সমান্তৰালকৈ বাহিনীটোৰ বিষয়া-জোৱানসকলে পাইপ বেণ্ডৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে ৷