অসম

assam

ETV Bharat / state

International Leo Expo 2023: সফল সামৰণি পৰিল ২৩ সংখ্যক লিঅ’ এক্সপ’ - সদিচ্ছা

সামৰণি পৰিল গুৱাটীত অনুষ্ঠিত ২৩ সংখ্যক লিঅ’ এক্সপ’ (Leo Expo 2023 in Betkuchi) ৷ ৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ দিনীয়াকৈ অনুষ্ঠিত হৈছিল এই বাণিজ্য মেলাখন । দেশী-বিদেশী বিভিন্ন বিপণিয়ে অংশগ্ৰহণ কৰিছিল বাণিজ্য মেলাখনত ৷

23rd Leo Expo Successfully Concluded in Guwahati
সামৰণি পৰিল ২৩ সংখ্যক লিঅ’ এক্সপ’

By

Published : Feb 22, 2023, 6:15 PM IST

সামৰণি পৰিল ২৩ সংখ্যক লিঅ’ এক্সপ’

গুৱাহাটী, 22 ফেব্ৰুৱাৰী: সফল সামৰণি পৰিল মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত হোৱা ২৩ সংখ্যক লিঅ’ এক্সপ’ (Leo Expo 2023 in Betkuchi) ৷ যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই বাণিজ্য মেলাখন সামৰণি পৰে সোমবাৰে (Maniram Dewan Trade Centre) । সামৰণিৰ দিনটোত যথেষ্ট গ্ৰাহকে ভিৰ কৰা দেখা যায় বাণিজ্য মেলাখনত (23rd Leo Expo Successfully Concluded)।

প্ৰতিবছৰৰ দৰে এইবাৰো দেশী-বিদেশী বিভিন্ন বিপণিৰ লগতে আকৰ্ষণীয় সামগ্ৰীৰ সমাহাৰ ঘটে এই লিঅ' এক্সপ'ত ৷ উল্লেখ্য যে, এইবাৰ এক্সপ'ত অংশগ্ৰহণ কৰিছিল ২০০ খনতকৈও অধিক দেশী- বিদেশী বিপণিয়ে । স্মৰ্তব্য যে, ভাৰতৰ প্ৰতিখন ৰাজ্যৰে নিজাকৈ আছে সুকীয়া কলা-সংস্কৃতি তথা বেশভূষা (Leo Expo Guwahati 2023) ৷

সেয়েহে, এই লিঅ’ এক্সপ’ত প্ৰতিবছৰেই দেশৰ বিভিন্ন ৰাজ্যৰ এনে মনোমোহা সাজ-পোছাকৰ লগতে বিভিন্ন আ-অলংকাৰেৰে ভৰি পৰে ৷ এইবাৰো ভাৰতৰে প্ৰায় শতাধিক বিপণিয়ে এই মেলাত অংশগ্ৰহণ কৰিছে ৷ সমান্তৰালকৈ ভাৰতৰ লগতে এই মেলাত সমাহাৰ ঘটিছে বহু বিদেশী বিপণিৰো ৷ জানিব পৰা মতে, এইবাৰৰ লিঅ’ এক্সপ’ত বিদেশী ৰাষ্ট্ৰৰ ৬ খনকৈ বিপণিয়ে অংশগ্ৰহণ কৰিছে ৷ বিদেশী ৰাষ্ট্ৰ কেইখন ক্ৰমে ইৰাণ, আফগানিস্তান, থাইলেণ্ড, শ্ৰীলংকা, ইউনাইটেড আৰৱ এমিৰেটচ আৰু বাংলাদেশ ।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ সামগ্ৰীৰ লগতে বিদেশী সামগ্ৰী লাভ কৰি আনন্দিত হৈ পৰে গ্ৰাহকসকল । ডুবাই চহৰৰ সুগন্ধিময় আতৰ, সুমধুৰ চকলেট বিপণিয়ে দৃষ্টি আকৰ্ষণ কৰে গ্ৰাহকসকলক । থাইলেণ্ডৰ ফুলৰ বিপণি, ফিব্ৰিকৰ সাজ-পোছাকৰ বিপণি, বাংলাদেশৰ কাপোৰৰ বিপণিতো গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা যায় । ইফালে বিশ্ব বিখ্যাত আফগানিস্তানৰ ড্ৰাই ফ্ৰুইটছৰ বিপণি, শ্ৰীলংকাৰ মণি মুকুতাৰ লগতে চাহ, কফি, দালচেনিৰ বিপণিত দৰ্শকৰ বিপুল সঁহাৰি পোৱা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, ২৩ সংখ্যক লিঅ’ এক্সপ’ৱে যোৱা ১২ ফেব্ৰুৱাৰী তাৰিখে অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন 'সদিচ্ছা' লৈ প্ৰদান কৰিছিল ২০২৩ বৰ্ষৰ 'সমাজ সেৱা সন্মান' (Leo expo Award 2023) । এই অনুষ্ঠানতে ২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীক জনোৱা হৈছিল বিশেষ সম্বৰ্ধনা । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্য হাজৰিকা (Asom Sahitya Sabha president Dr Surjya Kanta Hazarika)।

লগতে পঢ়ক:Leo Expo 2023 Social Service Award: সদিচ্ছালৈ লিঅ’ এক্সপ’ ২০২৩ বৰ্ষৰ সমাজ সেৱা সন্মান

ABOUT THE AUTHOR

...view details