অসম

assam

ETV Bharat / state

21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত পাঠকৰ ভিৰ - 21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলা

উত্তৰ-পূব গ্ৰন্থমেলাত পাঠকৰ মাজত চাহিদা বৃদ্ধি পাইছে অনুৰাধা শৰ্মা পূজাৰীৰ ’’নয়ন তৰা’’, সংগীতা ৰাণী কলিতাৰ ‘‘হিনাইনি লামা’’ ’’সাংবাদিকতাৰ লক্ষণৰেখা’’ আৰু গৌতম বৰুৱাৰ ’’ৰাম মন্দিৰ নে বাবৰী মছজিদ’’ গ্ৰন্থ কেইখনৰ ৷ ছ’চিয়েল মিডিয়াৰ ব্যাপক প্ৰচলনৰ পাচতো পাঠকৰ মাজত কিতাপ ক্ৰয় কৰাটো শুভলক্ষণ বুলি কয় সংগীতা ৰাণী কলিতাই ৷

21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত পাঠকৰ ভিৰ

By

Published : Nov 5, 2019, 11:57 PM IST

গুৱাহাটী, 5 অক্টোবৰ: গুৱহাটীৰ চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত যোৱা 1 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে 21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলা ৷ 12 নৱেম্বৰলৈ চলিব লগীয়া এই গ্ৰন্থমেলাত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ পাঠকৰ ভিৰ । ছ’চিয়েল মিডিয়া তথা ডিজিটেল মিডিয়াৰ ব্যাপক প্ৰচাৰৰ মাজতো পাঠকৰ মাজত দেখা গৈছে কিতাপৰ প্ৰতি আগ্ৰহ ৷ এই ক্ষেত্ৰত ’’হিনাইনি লামা’’আৰু ‘‘সাংবাদিকতাৰ লক্ষণৰেখা’’গ্ৰন্থৰ লেখিকা সংগীতা ৰাণী কলিতাৰ মন্তব্য..

সংগীতা ৰাণী কলিতাৰ মতামত

ইপিনে উত্তৰ-পূব গ্ৰন্থমেলাৰ পঞ্চম দিনা অৰ্থাৎ মঙলবাৰেও কিতাপ ক্ৰয় কৰবিলৈ হাজাৰ-হাজাৰ পাঠকৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত উত্তৰ পূব গ্ৰন্থ মেলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক সমাদৰ লাভ কৰে এই গ্ৰন্থ মেলাখনে ৷ য’ত লেখক আৰু পাঠকৰো বিশেষ আগ্ৰহ দেখা পোৱা যায় ।

হাজাৰ-হাজাৰ পাঠকৰ মাজত ব্যাপক উচাহ

2019 বৰ্ষৰ 21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত এইবাৰ অনুৰাধা শৰ্মা পূজাৰীৰ নয়ন তৰা, সংগীতা ৰাণী কলিতাৰ হিনাইনি লামা,সাংবাদিকতাৰ লক্ষণৰেখা আৰু গৌতম বৰুৱাৰ ৰাম মন্দিৰ নে বাবৰী মছজিদ গ্ৰন্থ যথেষ্ট চাহিদা লাভ কৰিছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details