অসম

assam

Assam DGP GP Singh PC: বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান; ২৪ ঘন্টাত গ্ৰেপ্তাৰ ৫২ জন কাজী-পুৰোহিত

অবৈধ স্বামীৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী ৷ ২৪ ঘন্টাত অসমৰ বিভিন্ন জিলাৰ পৰা গ্ৰেপ্তাৰ ২০৪৪ জন, ৪০৭৪ টা গোচৰ ৰুজু ৷ অবৈধ স্বামীৰ লগতে পৰিয়ালৰ লোক, কাজী, মৌলানা আৰু পুৰোহিতকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Massive crackdown against Child marriage) ।

By

Published : Feb 3, 2023, 8:20 PM IST

Published : Feb 3, 2023, 8:20 PM IST

Assam DGP GP Singh PC
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত বৃহস্পতিবাৰৰ নিশাৰে পৰা হঠাৎ অসম আৰক্ষীয়ে বাল্যবিবাহৰ বিৰুদ্ধে বৃহৎ অভিযান চলায়(Assam govt strict action against Child marriage) । যোৱা ২৪ ঘন্টাত আৰক্ষীয়ে অসমৰ বিভিন্ন জিলাত অভিযান চলাই বাল্যবিবাহৰ লগত জড়িত ২০৪৪ জনক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ ভিতৰত বেআইনী স্বামী, পৰিয়ালৰ লোক, কাজী, মৌলানা আৰু পুৰোহিত আছে (Massive crackdown against Child marriage) । শুকুৰবাৰে গুৱাহাটীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই অভিযানৰ বিষয়ে সদৰী কৰে ৷

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰী কৰা অনুসৰি, আৰক্ষীয়ে অভিযানকালত গ্ৰেপ্তাৰ কৰা লোকৰ ভিতৰত ৫২ জন কাজী মৌলানা আৰু পুৰোহিত আছে(Operation against child marriage) । তেওঁ কয় যে দুমাহ আগতে মুখ্যমন্ত্ৰীয়ে অসমত বাল্য বিবাহৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল । দুমাহ ধৰি এই তদন্ত কৰা হৈছিল । ২০২১ চন আৰু ২০২২ চনৰ তথ্য সংগ্ৰহ কৰা হৈছিল । তদন্তত ১২ আৰু ১৩ বছৰীয়া ছোৱালী গৰ্ভৱতী হোৱাৰ তথ্য পোৱা গৈছিল । পিছত মুখ্যমন্ত্ৰীক প্ৰতিবেদন দিয়া হৈছিল । চি‌আইডিৰ পৰা আইনগত পৰামৰ্শ লোৱা হৈছিল ।

তেওঁ কয় যে যোৱা দুদিনত অভিযান চলাই ৪০৭৪ টা গোচৰ ৰুজু কৰা হৈছিল । বৃহস্পতিবাৰৰ নিশাৰে পৰা শুকুৰবাৰৰ বিয়লি ৩ বজালৈ বাল্যবিবাহৰ লগত জড়িত ২০৪৪ জন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে । কিছুমানে পলোৱা বা আত্নগোপন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিব পৰা নাই । বেছি গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰী, বিশ্বনাথ, হোজাই, কোকৰাঝাৰ, বৰপেটা ,বাক্সা আদি জিলাত । সৰ্বাধিক বিশ্বনাথ জিলাত ১৩৭ জন, ধেমাজি জিলাত ১২৬ জন, বাক্সা জিলাত ১২০ জন, বৰপেটা জিলাত ১১৪ জন, হোজাই জিলাত ৯৬ আৰু কোকৰাঝাৰ জিলাত ৯৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে(Operation against child marriage in Assam) ।

জি পি সিঙে কয় যে বেছিভাগ POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা‌ হৈছে । গোচৰ ৰুজু কৰাৰ সময়ত ৮০০০ লোকক আৰক্ষীয়ে দোষী হিচাপে চিহ্নিত কৰা হৈছে । জে’লত অভিযুক্তসকলক ৰখাৰ বাবে জে’লৰ লগত আলোচনা কৰা‌ হৈছে । তেওঁ জনাই যে এই অভিযান অব্যাহত থাকিব । আইনগত বাবে আদালতত ধৃত লোকসকলক হাজিৰ কৰাৰ ব্যৱস্থা কৰা হ'ব । মন কৰিবলগীয়া যে, ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ সন্দৰ্ভত বৃহস্পতিবাৰে নিশা আৰক্ষী অধীক্ষকসকলৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত অংশগ্ৰহণ কৰি নিজ নিজ জিলাত আৰক্ষী অধীক্ষকসকলক ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল । বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক:BJP press conference on child marriage: বাল্যবিবাহৰ বিৰুদ্ধে চলা আৰক্ষীৰ অভিযানক সমৰ্থন ৰাজ্যিক বিজেপিৰ

ABOUT THE AUTHOR

...view details