নিউজ ডেস্ক, 20 অক্টোবৰ :আজি মহাষষ্ঠী ৷ আজি বিয়লিৰ ভাগলৈ ষষ্ঠীৰ বেদীত পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব মা দুৰ্গাৰ প্ৰতিমূৰ্তিত ৷ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে ৷ মহালয়াৰ দিনা এইবাৰ ঘোঁৰাত ধৰালৈ আগমন ঘটা মা দুৰ্গাৰ পূজা অৰ্চনাত মগ্ন হৈ পৰিছে দেশবাসী ৷ জাক-জমকতাৰ মাজেৰে পূজা সমিতিসমূহেও ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে ৷
আনহাতে, ৰাজনৈতিক ক্ষেত্ৰত জড়িত বিভিন্নজনেও প্ৰস্তুত কৰিছে নিজৰ নিজৰ পূজাৰ সময়সূচী ৷ অধিকাংশ সময় বিভিন্ন সভা-সমিতিত ব্যস্ত থকা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন দলীয় নেতা-বিধায়কেও পূজাৰ বাবে ইতিমধ্যে প্ৰতিটো দিনৰ কাৰ্যসূচী প্ৰস্তুত কৰিছে ৷ সেই অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি পবিত্ৰ ষষ্ঠীৰ দিনা গুৱাহাটীতে থাকিব যদিও কাইলৈ অৰ্থাৎ সপ্তমীৰ পূজা আগবঢ়াব হাফলঙৰ পূজা মণ্ডপত ৷
আনহাতে, অষ্টমীৰ দিনটোত মুখ্যমন্ত্ৰী উপস্থিত হ’ব হোজাই আৰু লামডিঙত ৷ হোজাইৰ এখন পূজা মণ্ডপত সেৱা আগবঢ়োৱাৰ পিচত তেওঁ উপস্থিত হ’ব এখন পূজা মণ্ডপত ৷ অৱশ্যে নৱমী আৰু দশমী দুয়োটা দিনেই মুখ্যমন্ত্ৰীয়ে সপৰিয়ালে গুৱাহাটীতেই কটাব ৷