গুৱাহাটী,১৪ নৱেম্বৰ:সোমবাৰে শিশু দিৱস (Children Day)ৰ শুভক্ষণত ৰাজ্যখনৰ শিক্ষাখণ্ডৰ উন্নয়ণৰ লক্ষ্যৰে সমগ্ৰ শিক্ষাৰ অধীনত গুৱাহাটী জ্যোতি চিত্ৰৱনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ এই সভাতেই ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক বিদ্যালয়ৰ অনুদান আনুষ্ঠানিক ভাৱে প্ৰদান কৰে অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Grant of Annual School Grants for the year 2022-23) । মুঠ ৪১৩৯৬ খন বিদ্যালয়ক ডি বি টি যোগে ১০৯ কোটি ৯৭ লাখ ৩৭৮ হাজাৰ টকা প্ৰদান কৰা হয় ।
মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয় সমূহত শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে (Education Minister Dr Ronoj Pegu) । তেওঁ লগতে উল্লেখ কৰে যে, বিদ্যালয় সমূহৰ শৈক্ষিক পৰিৱেশৰ লগতে ইয়াৰ সৰ্বাংগীন উন্নতিৰ বাবে ৰাইজৰ অংশীদাৰিত্ব আৰু সহযোগিতা অতি আৱশ্যক ।