25 জানুৱাৰীত গণৰাজ্য দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে মুকলি কৰে দেশৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা ৷ চলিত বৰ্ষত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হয় প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷ ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা আঠগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব পদ্মশ্ৰী সন্মান ৷
উল্লেখ্য যে, শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত পদ্মশ্ৰী লাভ কৰিছেপ্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে ৷ ইমৰাণ শ্বাহৰ ছদ্মনাম ঈশান দত্ত ৷ তেখেতে ১৯৩৩ চন ২৩ নৱেম্বৰ, শিৱসাগৰত জন্মগ্ৰহণ কৰে ৷ অসমীয়া সাহিত্য জগতত কথাশিল্পী হিচাপে পৰিচিত ইমৰাণ শ্বাহ এজন সু-সাহিত্যিক, চিন্তাবিদ তথা ২০১০ চনত বৰপেটাৰোডত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ৷ ১৯৫২ চনত দশম শ্ৰেণীত অধ্যয়নৰত অৱস্থাত লিখা সংগীতৰ সিপাৰে নামৰ উপন্যাস খন তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস । তেখেতে সাহিত্য চৰ্চাৰ বাবে অনামিকা বৰুৱাৰ ছদ্মনাম গ্ৰহণ কৰিছিল ২০০৯ চনত অসম উপত্যকা বঁটা ২০১২ চনত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷ জয়সাগৰ কলেজৰ পৰা অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ ৷
ইয়াৰ উপৰিও ডঃ মংগলসিং হাজোৱাৰীয়ে ৷ ডঃ মংগলসিং হাজোৱাৰীৰ ঘৰ-কোকৰাঝাৰৰ বাগানশালীত ৷ সাহিত্য চৰ্চা আৰু সমাজসেৱাৰ মাজৰে নতুন দিশৰ সূচনা কৰা কোকৰাঝাৰৰ এইগৰাকী ব্যক্তি প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ত শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট ৷ বহুসংখ্যক গল্প, প্ৰৱন্ধ আৰু গ্ৰন্থৰ ৰচক ডঃ মংগলসিং ব্ৰহ্মৰ সমাজসেৱা আৰু সাহিত্য চৰ্চা তেওঁৰ অন্যতম প্ৰিয় বিষয় ৷ ১৮ খনৰো অধিক দেশ পৰিভ্ৰমণ কৰা বিশিষ্ট সাহিত্যিক,গৱেষক,সাহিত্য একাডেমী বঁটাপ্ৰাপক, সমাজসেৱক তথা সংগঠক ডঃ মংগলসিং ব্ৰহ্মই লাভ কৰিছে এইবাৰৰ ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মশ্ৰী বঁটা ৷
চলিত বৰ্ষত সমাজ সেৱাৰ বাবে পদ্মশ্ৰী লাভ কৰিছে লখিমী বৰুৱাই ৷ তেখেতৰ জন্ম হয় ১৯৪৯ চনত গোলাঘাট জিলাত ৷ অসমৰ অৰ্থনৈতিক ভাৱে পিছপৰা মহিলা সকলৰ সুবিধাৰ্থে কনকলতা বেংক নামেৰে এটা বেংক স্থাপন কৰি দীৰ্ঘদিনৰ পৰা সেৱা কৰি অহা লখিমী বৰুৱালৈ ভাৰতৰ চৰকাৰে আগবঢ়াইছে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷ ২০১৬ চনৰ মাৰ্চ মাহত, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংকলৈ নাৰী সৱলীকৰণৰ দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে নাৰী শক্তি বঁটা প্ৰদান কৰা হয় লখিমী বৰুৱাক ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা দেৱী অহল্যাবাই হোলকাৰ বঁটা গ্ৰহণ কৰিছিল এই গৰাকী মহিলাই ৷
ইয়াৰ উপৰিও এইটো শিতানতে পদ্মশ্ৰী লাভ কৰিছে আন এগৰাকী সমাজসেৱী বিৰুবালা ৰাভাই ৷ বিৰুবলা ৰাভাৰ ঘৰ অসম-মেঘালয়ৰ সীমান্তৰ ঠাকুৰ ভিলা গাঁৱত ৷ ডাইনী হত্যা,অন্ধবিশ্বাসৰ বিৰুদ্ধে বিৰুৱালা ৰাভাই 2001 চনৰ পৰাই অনগ্ৰসৰ অঞ্চলত সজাগতা সৃষ্টি কৰি আহিছে ৷ অন্ধবিশ্বাসৰ বলি হোৱা নিজ পুত্ৰৰ এক মৰ্মান্তিক ঘটনাৰ পিচতে সাহসিকতাৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে উলাই অহা বিৰুৱালা ৰাভাক 3 বছৰৰ বাবে গাঁওবাসীয়ে এঘৰীয়া কৰি ৰাখিছিল ৷ কুসংস্কাৰৰ বিৰুদ্ধে অকলে যুঁজি অহা বিৰুৱালা ৰাভাক ২০১৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ২০১০ চনত আই বি এন নেটৱৰ্ক আৰু ৰিলায়েন্সৰ "ৰিয়েল হিৰো" বঁটা প্ৰদান ২০১২ চনত সতী জয়মতী বঁটা আৰু ছিগনেচাৰ এৱাৰ্ডকে বহুকেইটা বঁটা লাভ কৰিছিল এইগৰাকী সাহসী মহিলাই ৷