গুৱাহাটী,25 জানুৱাৰী :অহা 5 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ মহানগৰীৰ মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হ'ব 2021 লিঅ’ এক্সপ' ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা অৱগত কৰে উদ্যোক্তা সকলে ৷ এই এক্সপ'ৰ প্ৰৱেশ দ্বাৰ ৰাতিপুৱা 11.00 বজাৰ পৰা নিশা 9.00 বজালৈ খোলা থাকিব ।
সম্পূৰ্ণ ক’ভিড প্ৰট'কল মানি এই এক্সপ' অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো দুগৰাকী শিল্পী আৰু দুগৰাকী সাংবাদিকক প্ৰদান কৰা হ'ব শিল্পী আৰু সাংবাদিকতা বঁটা । লগতে কেইবাটাও শিতানত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা ।