গুৱাহাটী, ১১ জুনঃ২০২০-২১ বৰ্ষৰ নামভৰ্তি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানে কৰিব লাগিব অনলাইন প্ৰক্ৰিয়াৰে । ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই ইতিমধ্যে জাৰি কৰিছে এই সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনা । নিৰ্দেশটোত কোৱা হৈছে যে ২০২০-২১ বৰ্ষৰ বাবে নতুনকৈ হ'বলগীয়া নামভৰ্তি প্ৰক্ৰিয়াত সকলো শিক্ষানুষ্ঠানে কেতবোৰ নিয়ম মানি চলিব লাগিব । কোভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি কোনো বিশ্ববিদ্যালয়,কোনো চৰকাৰী মহাবিদ্যালয়,প্ৰাদেশীকৃত মহাবিদ্যালয়,অভিযান্ত্ৰিক মহাবিদ্যালয়,কাৰিকৰী মহাবিদ্যালয় আদিয়ে নতুন নামভৰ্তিৰ বাবে কোনোধৰণৰ মুখামুখী সাক্ষাৎকাৰ আদি অনুষ্ঠিত কৰিব নোৱাৰিব।
২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত - অভিযান্ত্ৰিক মহাবিদ্যালয়
২০২০-২১ বৰ্ষৰ বাবে নতুনকৈ হটবলগীয়া নামভৰ্তি প্ৰক্ৰিয়াত সকলো শিক্ষানুষ্ঠানে কেতবোৰ নিয়ম মানি চলিব লাগিব । ক'ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত
নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সকলো নথি পত্ৰ স্কেন কৰি অনলাইন যোগে নামভৰ্তি কৰিব খোজা শিক্ষানুষ্ঠানক অনলাইন যোগে জমা দিব লাগিব । লগতে আপলোড কৰিব লাগিব বেংক একাউন্টৰ সবিশেষকে ধৰি সকলো তথ্য। সেই অনুসৰি অনলাইন যোগেই হ'ব সকলো নামভৰ্তি ।
লগতে চাওকঃ তিনিচুকীয়াত আটক এনএছচিএন(আৰ) কেডাৰ