অসম

assam

গুজৰাটৰ পৰা অসমলৈ অন‍া হ'ব ২০০০ গিৰ গাই

By

Published : Nov 11, 2021, 3:28 PM IST

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে গুজৰাটত উপস্থিত বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত এটা প্ৰতিনিধি দল ৷ শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

2000 Gir cows will be brought from Gujarat to Assam
গুজৰাটৰ পৰা অসমলৈ অন‍া হ'ব ২০০০ গিৰ গাই

গুৱাহাটী, ১১ নবেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল গুজৰাটত উপস্থিত হয় ৷ গুজৰাটত উপস্থিত হৈয়ে অসমৰ প্ৰতিনিধি দলটোৱে ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি পেটেলক সাক্ষাৎ কৰে । অসমৰ প্ৰতিনিধি দলটোৱে গুজৰাটৰ পশুপালন মন্ত্ৰীগৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা

উল্লেখ যে, শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । মুখ্যমন্ত্ৰীৰ সেই উদ্যোগক বাস্তৱ ৰূপ দিবলৈ গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ দলটোক নেতৃত্ব দিয়া পদ্ম হাজৰিকাই গুজৰাটৰ পশুপালন মন্ত্ৰীগৰাকীৰ সৈতে এক আলোচনাত মিলিত হয় । বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ প্ৰতিনিধি দলটোত আছে ৰাজ্যখনৰ কৃষি সঞ্চালক বিনোদ চেচান আৰু ড৹ পূৰ্ণানন্দ কোঁৱৰৰ নেতৃত্বত তিনিজনীয়া পশু চিকিৎসকৰ দল ।

গুজৰাটৰ পৰা অসমলৈ অন‍া হ'ব ২০০০ গিৰ গাই

আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এমাহৰ ভিতৰত ২০০ গিৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব ৷ প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক মাৰ্চ মাহৰ ভিতৰত আৰু ৫০০ গিৰ গাই অসমলৈ অনা হ’ব । ইতিমধ্যে ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ABOUT THE AUTHOR

...view details