নিউজ ডেস্ক, 18 এপ্ৰিল :মাৰ্চ মাহৰ শেষৰ পৰা ৰাজ্যত অব্যাহত আছে ধুমুহা-বৰষুণৰ তাণ্ডৱ(Storms and lightning strikes throughout Assam since late March) ৷ বৰদৈচিলাৰ তাণ্ডৱৰ ফলত বৰ্তমানলৈকে বহুলোকৰ বাসগৃহ, শস্যৰ ক্ষতিসাধন হোৱাৰ লগতে পশুধনসমূহৰো ব্যাপক ক্ষতি হোৱা দেখা গৈছে ৷ কোনো কোনো অঞ্চলত হোৱা ধাৰাসাৰ বৃষ্টিপাত আৰু গাজনি বৰষুণৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে ৷
শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চলিত বৰ্ষত হোৱা ধাৰাসাৰ বৃষ্টিপাত তথা ধুমুহা, বজ্ৰপাতৰ ফলত ৰাজ্যত মৃত্যু ঘটিছে প্ৰায় 20 গৰাকীকৈ লোকৰ(20 killed due to storms and lightning strikes) ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ(ASDMA)ৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্ৰিপাঠীয়ে এই বিষয়ত সদৰি কৰা অনুসৰি, বিগত 14 এপ্ৰিলৰ পৰা ৰাজ্যৰ 22 খন জিলাৰ প্ৰায় 80 টা ৰাজহ চক্ৰৰ অন্তৰ্গত 1,410 খন গাঁৱৰ 95,239 গৰাকী লোক ধুমুহা-বৰষুণৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৷