গুৱাহাটী,২৬ ছেপ্টেম্বৰ: কেন্দ্ৰীয় আয়ুস্মান আঁচনিক লৈ দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত 'আৰোগ্য মন্থন' শীৰ্ষক ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিৱিৰত অসমে আজি দুটাকৈ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । প্ৰথমটো সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ বাবে আয়ুস্মান কাৰ্ড সৃষ্টি কৰা আৰু দ্বিতীয়টো হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণত উৎকৃষ্ট কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰা ।
এই দুটা শিতানত অসমে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে । আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই)ৰ পঞ্চম বৰ্ষপূৰ্তিৰে সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা আৰোগ্য মন্থনৰ আজি সন্ধিয়া হোৱা সামৰণি অনুষ্ঠানত অসমক এই দুয়োটা বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ মনসুখ মাণ্ডব্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিষয়াই ।
উল্লেখ্য যে, ২০২২ চনৰ ১ ছেপ্তেম্বৰৰ পৰা যোৱা ৩১ আগষ্টলৈ এটা বছৰত এবি-পিএমজেএৱাইৰ অধীনত অসমে প্ৰায় ১.৫৮ কোটি যোগ্য হিতাধিকাৰীৰ ই-কেৱাইচি সম্পূৰ্ণ কৰি আয়ুস্মান কাৰ্ড সৃষ্টিৰে দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ'বলৈ সক্ষম হয় । একেদৰে, বিগত অসমে উৎকৃষ্ট কাৰ্যপ্ৰণালী তথা ব্যৱস্থাপনাৰ সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণ সম্ভৱ কৰি তোলাৰ স্বীকৃতি হিচাপে দ্বিতীয়টো শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ আয়ুস্মান উৎকৃষ্টতা পুৰস্কাৰ লাভ কৰিলে ।