গুৱাহাটী, ১ নৱেম্বৰ : উত্তৰ-পূৰ্বাঞ্চলৰ চুটি ছবি নিৰ্মাতাসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে উত্তৰ-পূব চলচ্চিত্ৰ আৰু ভিডিঅ’ কলা-কুশলী সন্থাই(North-East Film and Video Technicians Association) ৷ NEFVTAৰ উদ্যোগ আৰু আগশাৰীৰ অ’টিটি প্লেটফৰ্ম প্ৰাগ প্লে’ৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব চুটি ছবি মহোৎসৱ (Short film festival in Guwahati)।
নেফটা চুটি ছবি মহোৎসৱ-২০২২ হিচাবে নামাকৰণ কৰা ছবি মহোৎসৱখনৰ সন্দৰ্ভত মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে আয়োজক মণ্ডলীয়ে ৷ উল্লেখ্য যে, এদিনীয়া কাৰ্যসূচীৰে ৪ ডিচেম্বৰত জ্যোতি চিত্ৰবনত(Jyoti Chitrabon Film Studio) আয়োজন কৰা হৈছে এই চুটি ছবি মহোৎসৱ । মহোৎসৱৰ দিনা পুৱা ৯ বজাৰ পৰাই নিৰ্বাচিত চুটি ছবিসমূহ প্ৰদৰ্শন কৰা হ’ব ।
মহোৎসৱৰ(NEFVTA short film festival) সৈতে সংগতি ৰাখি এখন স্মৰণিকাও প্ৰকাশ কৰা হ’ব । এই কথা প্ৰাগ টাৱাৰত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে সদৰী কৰে নেফটা চুটি ছবি মহোৎসৱ-২০২২ৰ সঞ্চালক শিবানন বৰুৱাই । তেওঁ কয় যে, ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰায় ৬০ খন চুটি ছবি মহোৎসৱত প্ৰদৰ্শনৰ বাবে আহিছে । প্ৰতিযোগিতাৰ বাবে আগ্ৰহীসকলে ২০২০ চনৰ পহিলা জানুৱাৰীৰ পৰা ২০২২ চনৰ ৩০ অক্টোবৰৰ ভিতৰত নিৰ্মাণ কৰা চুটিছবিসমূহ ১০ আগন্তুক নৱেম্বৰৰ ভিতৰত জমা দিব পাৰিব ।