অসম

assam

By

Published : Jun 11, 2020, 12:05 AM IST

ETV Bharat / state

অসমত পুনৰ চিনাক্ত 193 গৰাকী ক'ভিড-19 আক্ৰান্ত

শেহতীয়াকৈ ৰাজ্যত ধৰা পৰিছে 193 গৰাকী ক'ভিড-19 আক্ৰান্ত ব্যক্তি ৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত চিনাক্ত হৈছে মুঠ 235 গৰাকী আক্ৰান্ত ৷

193 new covid-19 positive case found in assam
193 new covid-19 positive case found in assam

নিউজ ডেস্ক, 10 জুন : অসমত বৰ্তমানলৈকে ক'ভিড-19 আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 3285 গৰাকী ৷ শেহতীয়াকৈ ৰাজ্যত ধৰা পৰিছে 193 গৰাকী ক'ভিড-19 আক্ৰান্ত ব্যক্তি ৷ বুধবাৰৰ দিনটোত ৰাজ্যখনত চিনাক্ত হৈছে মুঠ 235 গৰাকী আক্ৰান্ত ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই তথ্য ৷

বৰ্তমান ৰাজ্যৰ ক'ভিড হাস্পতালসমূহত চিকিৎসাধীন হৈ আছে 2027 গৰাকী ৰোগী ৷ মুঠ আক্ৰান্তসকলৰ ভিতৰত 1249 গৰাকীয়ে ইতিমধ্যে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰি হাস্পতালৰ পৰা ঘৰলৈ গৈছে ৷ আনহাতে, ৰাজ্যত ক'ভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে 6 গৰাকী লোকৰ ৷

লগতে পঢ়ক :কৃষি বিপ্লৱ সৃষ্টিৰে থলুৱা বজাৰ দখলৰ লক্ষ্য নগাঁও জিলা ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details