22 জুনৰ ভিতৰত মুকলি কৰা হ’ব 19 খনকৈ আদৰ্শ বিদ্যালয় গুৱাহাটী, ৮ জুন: অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত আছে (Training programme of principals and teachers)৷ ৰাজ্যৰ ১৯ খন নতুন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বিতীয়দিনা শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগতে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM interaction session at Administrative Staff college)।
22 জুনৰ ভিতৰত মুকলি কৰা হ’ব 19 খনকৈ আদৰ্শ বিদ্যালয় এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ লগত বিদ্যালয়সমূহৰ বিভিন্ন দিশৰ ওপৰত ভাৱ বিনিময় কৰে (CM reacts on Model School of Tea Garden)। লগতে বিদ্যালয়সমূহৰ যাৱতীয় অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষক ১ লাখ টকাৰ চেক প্ৰদান কৰে (Education minister Ranoj Pegu)।
লগতে পঢ়ক:Electricity tariff hike: বিদ্যুৎ মাচুলৰ প্ৰসংগত এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ
এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজ্যৰ ১৯ খন বাগিচাত ১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা কৰা হৈছিল। ১৯ খন বিদ্যালয়ৰ ১৩০ গৰাকী শিক্ষকৰ সৈতে আজি মত-বিনিময় কৰা হ'ল। এই ১৯ খন আদৰ্শ বিদ্যালয়ত বাগিচাৰ ২৬০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। প্ৰতিখন আদৰ্শ বিদ্যালয়ত ইতিমধ্যে ৮ জনকৈ শিক্ষকক নিয়োগ কৰা হৈছে। ২০ ৰ পৰা ২২ জুনৰ ভিতৰত এই ১৯ খন বিদ্যালয় মুকলি কৰা হ'ব (19 model schools to be inaugurate by June 22)। সেয়েহে আজি এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মোৰ সীমিত জ্ঞানেৰে শিক্ষকসকলৰ লগত কিছু ভাৱ বিনিময় কৰো।
লগতে বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত থকা ভাষাৰ ব্যৱধান আঁতৰাই আগুৱাই নিবলৈ শিক্ষকসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷
22 জুনৰ ভিতৰত মুকলি কৰা হ’ব 19 খনকৈ আদৰ্শ বিদ্যালয় উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হোৱা ১৯ খন আদৰ্শ বিদ্যালয়ত অধ্যক্ষ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তৎকালীনভাৱে সম্পূৰ্ণ কৰি তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশনা দিছিল ৷ ইয়াৰোপৰি নতুন এই শিক্ষানুষ্ঠানসমূহত আচবাব, ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন আদিৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে এনে শিক্ষানুষ্ঠানসমূহত বৃক্ষ ৰোপণৰ বাবেও নিৰ্দেশনা দিয়ে।
লগতে পঢ়ক:Electricity tariff hike: বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই; মুখ্যমন্ত্ৰী