অসম

assam

ETV Bharat / state

১৯ টা ইছলামিক মৌলবাদী সংগঠনৰ টাৰ্গেটত আছে অসম !

যিকোনো সময়তে ইছলামিক মৌলবাদী সংগঠনে আক্ৰমণ সংঘটিত কৰিব পাৰে অসমত । ২০১৪ ৰ বৰ্ধমানৰ বোমা বিস্ফোৰণৰ পিছত পশ্চিমবংগ আৰু অসমত তলে তলে সক্ৰিয় হৈ থকা বহু কেইটা ইছলামিক মৌলবাদী সংগঠনৰ নাম কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিশ্চিত কৰিছিল ।

19 Islamic fundamentalist organizations active in Assam
১৯ টা ইছলামিক মৌলবাদী সংগঠনৰ টাৰ্গেটত আছে অসম !

By

Published : Oct 20, 2021, 5:10 PM IST

গুৱাহাটী, ২০ অক্টোবৰ :২০১৪ চনত পশ্চিমবংগৰ বৰ্ধমানত সংঘটিত হোৱা এটা বোমা বিস্ফোৰণৰ তদন্ত চলাবলৈ গৈ "নিয়া"ই কেতবোৰ অতি ভয়ানক তথ্য উদঘাটন কৰিছিল । সেই বিস্ফোৰণৰ সৈতে জামাতুল মুজাহিদীন বাংলাদেশ চমুকৈ জে এম বি নামৰ এটা মৌলবাদী সংগঠন জড়িত থকাৰ প্ৰমাণ লাভ কৰাৰ লগতে সেই বিস্ফোৰণৰ ঘটনা আৰু জে এম বিৰ লগত অসমৰ নামনি অঞ্চলৰ বহু যুৱক জড়িত থকাৰ তথ্যও নিয়াই লাভ কৰিছিল ।

পৰবৰ্তী সময়ত বৰপেটাৰ পৰা ছাহানুৰ ওৰফে "ডাক্তৰ" নামৰ জে এম বিৰ এটা দূধৰ্ষ সন্ত্ৰাসবাদীকো "নিয়া"ই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । সাত বছৰ পূৰ্বৰ সেই ঘটনা অসমৰ বাবে আছিল এক ভয়ংকৰ বিপদৰ আগজাননী । শেহতীয়াকৈ গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাৰ পিছত অসমত পাকিস্তানৰ আই এছ আই আৰু আল-কায়দাই ইয়াৰ পোতক তোলা হ'ব বুলি হুংকাৰ দিয়াৰ পিছতেই অসম আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ৰাজ্যজুৰি ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক:চিকিৎসকৰ সমস্যা সমাধানৰ বাবে আন্দোলন : স্থবিৰ হৈ পৰিব স্বাস্থ্যসেৱা

যিকোনো সময়তে এনে আক্ৰমণ সংঘটিত হ'ব পাৰে বুলি আশংকা কৰা হৈছে । মনকৰিবলগীয়া যে, ২০১৪ ৰ বৰ্ধমানৰ বোমা বিস্ফোৰণৰ পিছত পশ্চিমবংগ আৰু অসমত তলে তলে সক্ৰিয় হৈ থকা বহু কেইটা ইছলামিক মৌলবাদী সংগঠনৰ নাম কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিশ্চিত কৰিছিল । যিকেইটা সংগঠনৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আছে আই এছ আই আৰু আল-কায়দাৰ ।

অসমত তেনে ১৯ টা ইছলামিক মৌলবাদী সংগঠন সক্ৰিয় হৈ থকাৰ তথ্যও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছিল । এই ১৯ টা সংগঠন হ'ল, ইউনাইটেড লিবাৰেশ্বন মিলিছিয়া অৱ আছাম, মুছলিম চিকিউৰিটি কাউঞ্চিল অৱ আছাম, ইছলামিক লিবাৰেশ্বন আৰ্মি অৱ আছাম, মুছলিম ভলন্টিয়াৰ ফ'ৰ্চ, মুছলিম লিবাৰেশ্বন আৰ্মি, মুছলিম চিকিউৰিটি ফ'ৰ্চ, ইছলামিক সেৱক সংঘ, ইছলামিক ইউনাইটেড ৰিফ'ৰ্মেছন প্ৰটেষ্ট অৱ আছাম, ৰিভ'লুশ্ব'নেৰী মুছলিম কমাণ্ডো, মুছলিম টাইগাৰ ফ'ৰ্চ, মুছলিম লিবাৰেশ্বন ফ'ৰ্চ, মুছলিম লিবাৰেশ্বন টাইগাৰ্ছ অৱ আছাম, মালফা, মালটা, ইছলামিক ৰিভ'লুশ্বনেৰী ফ্ৰন্ট, ইছলামিক নেশ্ব'নেল ফ্ৰন্ট, ইউনাইটেড ইছলামিক লিবাৰেশ্বন আৰ্মি, ইউনাইটেড ইছলামিক ৰিভ'লুশ্ব'নেৰী আৰ্মি আৰু পিপুলছ ইউনাইটেড লিবাৰেশ্বন আৰ্মি ।

লগতে পঢ়ক:আৰিয়ান খান আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ

ABOUT THE AUTHOR

...view details