গুৱাহাটী, ৬ মাৰ্চ :অসমৰ ৰাজপথে ৰাজপথে হ’ব টোলগেট ৷ টোলগেটৰ কৰৰ কেঁকোৰা চেপা দিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চৰকাৰৰ ৷ এখন দুখন নহয়, অসমৰ ৰাজপথত মুঠ ২৭ খনলৈ টোলগেট স্থাপনেৰে টোলগেট বৃদ্ধিৰ বাবে সাজু হৈছে চৰকাৰ ৷ বিধানসভাত এই গুৰুত্বপূৰ্ণ তথ্য দাখিল ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰো মন্ত্ৰীৰ দায়িত্ববাহী মুখ্যমন্ত্ৰীয়ে (27 toll gates in Assam) ৷
ড° হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত দিয়া তথ্য অনুসৰি বৰ্তমান অসমত সৰ্বমুঠ ৯ খন টোলগেট কাৰ্যকৰী হৈ আছে ৷ এই টোলগেটসমূহ পৰিচালনা কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই (National Highway Authority of India) ৷ ইতিমধ্যে অসমত ৫ খন টোলগেট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৷ কাৰ্যক্ষম কৰি টোল সংগ্ৰহৰ কাম আৰম্ভহে কৰিব নাই চৰকাৰে ৷
ৰাজ্যত বৰ্তমান ৯ খন টোলগেট নিৰ্মাণৰ কাম চলি আছে ৷ ভৱিষ্যতে আৰু ৪ খন টোলগেট স্থাপনৰ পৰিকল্পনা আছে ৷ এই সকলোখিনি ধৰি অসমত টোলগেটৰ সংখ্যা ৯ খনৰ পৰা ২৭ খনলৈ বৃদ্ধি হ’ব ৷ এক কথাত অসমৰ ৰাজপথ ভৰি পৰিব টোলগেটেৰে ৷ ৰাজপথৰ কৰে কেঁকোৰা চেঁপা দিয়াৰ লগতে অসমত অতি ব্যয়বহুল কৰি কৰি তুলিব স্থলপথৰ যাত্ৰা ৷ ব্যাপক ৰূপত বাঢ়িব সা-সামগ্ৰীৰ মূল্য ৷ বিধানসভাত দিয়া মুঠ হ’বলগীয়া ২৭ খন টোলগেটৰ (New tollgates in Assam) ৷