অসম

assam

ETV Bharat / state

এহাল দম্পতীৰ দু:সাহসিক ক্ৰিয়া..বাইকেৰে ভ্ৰমণ ১৮ খনকৈ দেশ

চাৰি মাহত ১৮ খনকৈ দেশ । বিশ্ব ভ্ৰমণ কৰাৰ এক দুৰ্বাৰ হেঁপাহ পুনেৰ এগৰাকী অসমীয়া দম্পতীৰ । স্পেইনৰ পৰা তুৰ্কীলৈ দু:সাহসিক যাত্ৰা স্বামী-পত্নীৰ ।

বাইকেৰে ভ্ৰমণ ১৮ খনকৈ দেশ

By

Published : Mar 12, 2019, 1:10 AM IST

গুৱাহাটী, ১১ মাৰ্চঃ পুনেত বাস কৰা অসমৰ মানৱ দেৱান আৰু ডাঃ অনুৰাধা ভোচলে দেৱানৰ আছে এক দুৰ্বাৰ হেঁপাহ । এই হেঁপাহ হৈছে বাইকেৰে বিশ্ব ভ্ৰমণ কৰা । ইতিমধ্যে চাৰি মাহত ভ্ৰমণ কৰিছে ১৮ খনকৈ দেশ । যোৱা বছৰৰ মে মাহৰ শেষৰ ফালে স্পেইনৰ পৰা দুয়োয়ে আৰম্ভ কৰিছিল নিজৰ দু:সাহসিক বাইক যাত্ৰা । বিভিন্ন বৰ্নিল অভিজ্ঞতাৰে ভৰা এই বাইক যাত্ৰাৰ অন্ত পৰিছিল ছেপ্টেম্বৰত এছিয়াৰ তুৰ্কী ইষ্টানবুল চহৰত । ২০ হাজাৰ কিলোমিটাৰ যাত্ৰাত দম্পতী হালে ভ্ৰমণ কৰিছে ফাঞ্চ, জাৰ্মানী, ইটালী, আদি বিভিন্ন দেশ ।

বাইকেৰে ভ্ৰমণ ১৮ খনকৈ দেশ

এই বাইক ভ্ৰমণৰ মূল উদ্দেশ্য আছিল বৈচিত্ৰময় ধৰিত্ৰীৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ মানুহৰ লগত সংযোগ স্থাপন কৰাৰ । গুৱাহাটীত উপস্থিত হৈ ১৮ খন দেশত কৰা বাইক যাত্ৰাৰ এক বৰ্ণনা দাঙি ধৰি সোমবাৰে " ডিয়েৰ জাৰ্ণি" নামৰ এখন গ্ৰন্থখনও প্ৰকাশ কৰে দম্পতী হালে ।

ABOUT THE AUTHOR

...view details