অসম

assam

ETV Bharat / state

New teachers appointment: এক লাখ নিযুক্তিৰ ক্ষেত্রত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা - ৰাজ্যৰ শিক্ষা বিভাগ

প্ৰাৰ্থমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যন্ত শিক্ষা বিভাগত নিযুক্তি দিয়া হ'ব ১৭,৫০০ গৰাকী শিক্ষকক । ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সৰহ সংখ্যক পদত নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূর্ণ হ’ব (New teachers appointment) । নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৯ হাজাৰ, উচ্চ মাধ্যমিক বিদ্যালয়ত ৬,৩০০ আৰু উচ্চতৰ মাধ্যমিকত ২২০০ শিক্ষক পদ পূৰণৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে প্ৰকাশ কৰিছে বিজ্ঞাপন (17,500 teachers to be appointed in education department in Assam) ।

New teachers appointment
এক লাখ নিযুক্তিৰ ক্ষেত্রত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা

By

Published : Feb 11, 2022, 9:41 PM IST

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী :ৰাজ্য চৰকাৰে এক লাখ চৰকাৰী চাকৰি দিয়াৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শিক্ষা বিভাগে পালন কৰিব গুৰুত্বপূর্ণ ভূমিকা । প্ৰাৰ্থমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পর্যন্ত আগন্তুক সময়ত ১৭,৫০০ জন শিক্ষক নিযুক্তি দিব চৰকাৰে (17,500 teachers to be appointed in education department in Assam) । ইতিমধ্যে দিয়া অনুকম্পামূলক নিযুক্তি আৰু কলেজ শিক্ষকৰ নিযুক্তিসহ শিক্ষা বিভাগত মুঠ নিযুক্তিৰ সংখ্যা হ’বগৈ প্ৰায় ২০ হাজাৰ ।

শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে, ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সৰহ সংখ্যক পদত নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া সম্পূর্ণ হ’ব । উল্লেখ যে, নিম্ন আৰু উচ্চ প্ৰাৰ্থমিক বিদ্যালয়ত ৯ হাজাৰ, উচ্চ মাধ্যমিক বিদ্যালয়ত ৬,৩০০ আৰু উচ্চতৰ মাধ্যমিকত ২২০০ শিক্ষক পদ পূৰণৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিছে । ইতিমধ্যে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তিৰ বাবে শিক্ষা বিভাগে তিনিখন প্ৰ'ভিজনেল তালিকা প্ৰকাশ কৰিছে (New teachers appointment) ।

আগন্তুক সপ্তাহত প্ৰকাশ পাব চূড়ান্ত তালিকা ৷

এক লাখ নিযুক্তিৰ ক্ষেত্রত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা

উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক বাছনিৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে শিক্ষা বিভাগে প্ৰথমখন প্ৰ'ভিজনেল তালিকা প্ৰকাশ কৰিছে । কেইবাখনো প্ৰক'ভিজনেল তালিকা প্ৰকাশৰ পাচতহে চূড়ান্ত তালিকা প্ৰকাশ পাব । বিগত সময়ত টে'ট উত্তীর্ণৰ ভুৱা প্ৰমাণ-পত্ৰক লৈ বিতর্কৰ সূচনা হোৱাৰ পাচত শিক্ষা বিভাগে নিযুক্তিৰ পূৰ্বে পুনৰীক্ষণ প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি তুলিছে । এইবাৰ এজন প্ৰার্থীক মাত্ৰ এটা পদৰ বাবেহে বাছনি কৰা হ'ব ।

লগতে পঢ়ক :আনন্দ মিশ্ৰ এগৰাকী অসমীয়া বিদ্বেষী IPS বিষয়া: কমল কুমাৰ মেধি

একে সময়তে একোজন আৱেদনকাৰী প্ৰাথমিক তথা উচ্চ মাধ্যমিক টে'ট উত্তীর্ণ হোৱা হেতুকে দুটাকৈ পদত আৱেদন কৰাৰ প্ৰৱণতা চলি আহিছে । যোগ্য প্ৰার্থীয়ে একাধিক পদত আৱেদন কৰিবলৈ সুযোগ পাইছে যদিও চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে সংশ্লিষ্ট প্ৰার্থীয়ে নিৰ্দিষ্ট এটা পদ বাছনি কৰিব লাগিব । অর্থাৎ পূৰ্বৰ দৰে যোগ্যতা থাকিলেও এজন প্ৰার্থী একে সময়তে প্ৰাথমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে বাছনি নহ'ব ।

মেধাসম্পন্ন যোগ্য প্ৰার্থীসকলক পৰ্টেলযোগে যিকোনো এটা পদ বাছনিৰহে সুযোগ দিয়া হ'ব । পূৰ্বতে আটাইকেইটা মাধ্যমত টে'ট উত্তীর্ণ একাংশ প্ৰার্থীয়ে একাধিক শিক্ষক পদত বাছনি হৈ প্ৰথমে এটাত যোগদান কৰি কিছুদিন পাচত নিজ খেয়ালখুচিত দ্বিতীয়টো পদত যোগদান কৰে । যাৰ বাবে পুনৰ খালী পদৰ সৃষ্টি হয় আৰু আন একাংশ শিক্ষিত নিবনুৱা বঞ্চিত হয় ।

সেয়েহে এইবাৰ পৃথক পৃথককৈ নিযুক্তিৰ পৰিৱৰ্তে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আটাইকেইটা শাখাত একেলগে নিযুক্তিৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ (Assam education department) ।

লগতে পঢ়ক :Urban Development: ৰাজ্যৰ সকলো নগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details