গুৱাহাটী, ৪ ডিচেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতিসহ সমগ্ৰ অসমৰ প্ৰায় ১৭০০ সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে । সকলো নবীন সদস্যক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ নীতি, আদৰ্শৰদ্বাৰা পৰিচালিত হৈ ৰাইজৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ ৫ খন শীৰ্ষস্থানৰ ৰাজ্যৰ মাজত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত কাম কৰি যাবলৈ আহ্বান জনায় ।
সভাপতি দাসে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সদস্যৰ এই যোগদান কাৰ্যসূচীক ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় বুলি অভিহিত কৰে । সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো সদস্যক ভাৰতীয় জনতা পাৰ্টীলৈ আন্তৰিকতাৰে স্বাগতম জনায় ৷ তেওঁ কয় যে, ভাৰতীয় জনতা পাৰ্টী আন ৰাজনৈতিক দলসমূহৰ পৰা পৃথক । ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰে পৰা ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দেশৰ উন্নতিৰ স্বাৰ্থৰ হকে কাম কৰি আহিছে । দলৰ নীতি আৰু উন্নয়নমূলক কামৰ প্ৰতি আকৰ্ষিত হৈ শুকুৰবাৰে যোগদান কৰা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বৃহৎ সংখ্যকৰ সদস্যই আগন্তুক দিনত ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰাৰে অনুপ্ৰাণিত হৈ সমাজ আৰু দেশৰ উন্নতিৰ কাৰণে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী সোণোৱালে আশাপ্ৰকাশ কৰে । ভাষণ প্ৰসংগত ৰাজ্যিক বিজেপিৰ সভাপতিৰ ভূমিকাক বিশেষভাবে শলাগি ৰণজিৎ কুমাৰ দাসৰ বলিষ্ঠ পদক্ষেপৰ বাবেই বৰাক-ব্ৰহ্মপুত্ৰৰ প্ৰতিটো কোণত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ।