গুৱাহাটী, ৫ ফেব্ৰুৱাৰী:ছুপাৰ স্পেচিয়েলিটী চিকিৎসা প্ৰতিষ্ঠান জিএনআৰচিৰ ছয়মাইল শাখাৰ ১৬ সংখ্যক প্রতিষ্ঠা দিৱস দেওবাৰে পালন কৰা হয় (16th Foundation Day of Six Mile Branch of GNRC)। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজলৈ নিৰবিচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই অহা হাস্পাতালখনৰ ছয়মাইল শাখাৰ ১৬ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে কালি আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ । এই অনুষ্ঠানত উপস্থিত থাকে হাস্পতালখনৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাৰ লগতে ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকছনৰ মুখা পৰিচালন সঞ্চালিকা দ্বীপান্বিতা জয়ছোৱাল আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ (Founder of GNRC Dr Nomal Chandra Bora)। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।
এই অনুষ্ঠানটোত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই কয়, "সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচি যি উদ্দেশ্য সেই উদ্দেশ্য সাফল্যমণ্ডিত কৰি তোলাত ৰাইজৰ লগতে মোৰ সহকৰ্মী আৰু সংবাদ মাধ্যমৰ অৱদানৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ । সেয়েহে আমি জিএনআৰচিয়ে সকলোৰে বাবে স্বাস্থ্য সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ উদ্দেশ্য সফল কৰিবলৈ আজিৰ এই প্ৰতিষ্ঠা দিৱসত প্ৰতিশ্ৰুতিবদ্ধ হৈছো ।"