শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপ্ৰচাৰ হায়াত হাস্পতালৰ - হায়াত হাস্পতাল
১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপ্ৰচাৰ কৰিলে হায়াত হাস্পতালে । দেশত প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ৮ গৰাকী শিশু জন্মগত হৃদ- সমস্যাসমূহৰে আক্ৰান্ত হয়।
গুৱাহাটী,3জুলাইঃ শিশুৰ জন্মগত হৃদ- সমস্যাসমূহৰ ভিতৰত অন্যতন এক সমস্যা হৈছে হৃৎপিণ্ডৰ ফুটা । সাধাৰণতে অপেন হাৰ্ট ছাৰ্জাৰীৰ জড়িয়তে এই সমস্যা নিৰাময় কৰা হয় যদিও মহানগৰীৰ হায়াত হাস্পতালত এটি ১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটা সফলভাৱে শল্য চিকিৎসাৰ দ্বাৰা সম্পন্ন কৰা হৈছে । চিকিৎসালয়খনৰ জ্যেষ্ঠ হৃদ-শল্য ৰোগ বিশেষজ্ঞ ডাঃ সুৰজ কুমাৰ প্ৰধানে সম্পন্ন কৰে এই চিকিৎসা । এক সংবাদমেলত ডাঃ প্ৰধানে কয় দেশত প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ৮ জনকৈ শিশু এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয় । হায়াত হাস্পতালৰ অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আন্তঃগাঁথনিৰ বাবে এই অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন হয়।