গুৱাহাটী, 8 জুন : চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । আক্ৰান্ত লোকজনৰ ঘৰ চন্দ্ৰপুৰৰ হাজংবৰীত ৷ ৩১ মে ত অৰুণাচলৰ পৰা আহি মহানগৰীৰ পল্টন বজাৰৰ গীতাঞ্জলি হোটেলত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন ৷ হোটেলৰ পৰা দেওবাৰে আবেলি আহিছিল চন্দ্ৰপুৰৰ নিজৰ ঘৰলৈ ।
সোমবাৰৰ দিনটোত অসমত চিনাক্ত 154 গৰাকী ক'ভিড-19 আক্ৰান্ত
চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । অসমত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত হৈছে 2835 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 784 গৰাকীয়ে ৷
অসমত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত হৈছে 2835 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 784 গৰাকীয়ে ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে ক'ভিড-19ত শেহতীয়া কৈ আক্ৰান্ত হৈছে ধেমাজিৰ 14 জন, দৰঙৰ 13 জন, নগাঁৱৰ 8 জন, শোণিতপুৰৰ 6 জন, বৰপেটাৰ 5 জন, চিৰাঙৰ দুজন, ডিব্ৰুগড়ৰ দুজন, বঙাইগাঁৱৰ 1 জন, কাৰ্বি আলংঙৰ এজন, আৰু কামৰূপ মেট্ৰ'ৰ এজন ৷ সোমবাৰৰ দিনটোত ৰাজ্যত চিনাক্ত হোৱা মুঠ ক'ভিড-19 আক্ৰান্তৰ সংখ্যা হৈছে 154 গৰাকী ৷ আনহাতে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে 148 গৰাকীক ৷
লগতে পঢ়ক :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰঙিয়াত প্ৰতিবাদী কাৰ্যসূচী