অসম

assam

ETV Bharat / state

NRC ত অন্তৰ্ভুক্ত নহ’ল একে অঞ্চলৰ প্ৰায় 1500 লোকৰ নাম - এন আৰ চি

কামৰূপ মহানগৰ জিলাৰ এন আৰ চি বিষয়াৰ ওপৰত গুৰুতৰ অভিযোগ ৷ এন আৰ চিত নাম নাহিল সোণাপুৰৰ পূৱ মালয়বাৰীৰ 2000 টা পৰিয়ালৰ প্ৰায় 1500 লোকৰ নাম ৷ যাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ হিন্দু বঙালী লোক ৷

NRC ত নাম নাহিল একেখন অঞলৰ প্ৰায় 1500 লোকৰ নাম

By

Published : Sep 1, 2019, 2:55 PM IST

কামৰূপ, 1 ছেপ্তেম্বৰঃ বহু উৎকন্ঠাৰ অন্তত 31 আগষ্টত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা । কিন্তু চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতেই হাহাকাৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল সোণাপুৰৰ পূৱ মালয়বাৰী অঞ্চলত ৷ কাৰণ গাঁওখনৰ ২০০০ লোকৰ প্ৰায় ১৫০০ লোকৰ নামেই অন্তৰ্ভুক্ত নহ’ল এন আৰ চি ত ৷

NRC ত অন্তৰ্ভুক্ত নহ’ল একে অঞ্চলৰ প্ৰায় 1500 লোকৰ নাম

প্ৰায় ৫০০ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বৈধ নথি পত্ৰ দাখিল কৰা স্বত্বেও এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ চিন্তিত হোৱাৰ লগতে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । অভিযোগ উত্থাপন হৈছে যে, একেখন নথিৰে অন্য জিলাত নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এন আৰ চি কেন্দ্ৰ সমূহতে হে নাকচ কৰা হৈছে এই নথি সমূহ ৷ স্থানীয় লোকে দাবী উত্থাপন কৰিছে যে, প্ৰকৃত ভাৰতীয় নাগৰিকক বৈধ নথি-পত্ৰ দিয়াৰ পাচতো হাৰশাস্তি কৰা বিষয়াৰ ওপৰত তদন্তৰ নিৰ্দেশ দিব লাগে ৷ এতিয়া এন আৰ চি ৰ কাম কাজ সম্পৰ্কে উঠা অভিযোগ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব এন আৰ চি কৰ্তৃপক্ষই সেয়াহে লক্ষণীয় হ’ব ।

ABOUT THE AUTHOR

...view details