অসম

assam

ETV Bharat / state

Minister Ashok Singhal: এই মাহতে ১৫ হাজাৰ লোকে লাভ কৰিব খোৱাপানী - Drinking water problem in Guwahati

পানীৰ সমস্যাত ভূগি থকা মহানগৰবাসীক সু-খবৰ দিলে মন্ত্ৰী অশোক সিংহলে । চলিত মাহত মহানগৰীৰ ১৫ হাজাৰ লোকে লাভ কৰিব চৰকাৰে যোগান ধৰা পানী । ২০২৪ ৰ ভিতৰত ডেৰ লাখ লোকক পানী যোগান ধৰাৰ কথাও সংবাদমাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

15 thousend people will get water supply this month
এই মাহতে ১৫ হাজাৰ লোকে লাভ কৰিব পানী যোগান

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:32 PM IST

এই মাহতে ১৫ হাজাৰ লোকে লাভ কৰিব পানী যোগান

গুৱাহাটী,৭ নৱেম্বৰ: চলিত মাহত মহানগৰীৰ ১৫ হাজাৰ লোকে লাভ কৰিব চৰকাৰে যোগান ধৰা পানী । মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংহলে । তেওঁ কয় যে এই মাহত খাৰঘুলি পানী যোগান প্ৰকল্পৰ ২০ খন DMA মুকলি কৰি দিয়া হ'ব । ইয়াৰ লগে লগে আৰু ১৫ হাজাৰ মানুহে পানী যোগান লাভ কৰিব গুৱাহাটীত ।

বৰ্তমান গুৱাহাটীত ১৫ হাজাৰ মানুহে জলব'র্ডৰ পানী লাভ কৰি আছে । তেওঁ জনোৱা অনুসৰি খাৰঘুলিৰ পানী যোগান প্ৰকল্পৰ কাম প্ৰায়ে সম্পূৰ্ণ হোৱাৰ পথত । আগন্তুক দুমাহৰ ভিতৰত কাম সম্পূৰ্ণ হোৱাৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪ ৰ ভিতৰত ডেৰ লাখ লোকক পানী যোগান ধৰাৰ লক্ষ্য লৈছে চৰকাৰে ।

নৰকাসুৰ পাহাৰ আৰু সোণাইঘুলি পানী ৰিজাৰ্ভাৰ কাম advance stage ত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে জলব'র্ডে যি স্থানত পানী যোগান ধৰি আছে, সেইসমূহত ঠিকমতেই পানী যোগান ধৰি আহিছে । জনতাই কৰা অভিযোগ অনুসৰি ৪/৫ দিনলৈ ক'তো পানী বন্ধ কৰি থোৱা হোৱা নাই । কোনো অঞ্চলত পানী নোপোৱাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ হাতত একো তথ্য নাই বুলি প্ৰকাশ কৰে সংবাদমাধ্যমৰ আগত ।

ইফালে গুৱাহাটীত পানীৰ পাইপ ফুটাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হাইড্ৰ'টেষ্টিং কৰি পানীৰ পাইপ পোতা হয় । এইদৰেই কাম অব্যাহত ৰখা হৈছে । কিন্তু তাৰপিছতো পানীৰ পাইপ ফুটিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । ইপিনে খাৰঘুলিৰ পানীৰ পাইপ ফুটাৰ কাৰণো উল্লেখ কৰে মন্ত্ৰী অশোক সিংহলে ।

লগতে পঢ়ক:Opposition Unity: অসমত বিৰোধী ঐক্য মঞ্চৰ ঐক্যত আউল লগাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details