অসম

assam

ETV Bharat / state

৪ নৱেম্বৰৰ পৰা মহানগৰীত চলিব বৈদ্যুতিক বাছ - Electric bus Assam Guwahati latest update

অহা ৪ তাৰিখৰ পৰা মহানগৰীৰ ৰাজপথত চলিব বৈদ্যুতিক বাছ । প্ৰথমে পৰীক্ষামূলকভাৱে ১৫ খন বাছ চলোৱাৰ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমে । ইতিমধ্যেই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে।

উত্তৰ-পূৱ বৈদ্যুতিক মোবিলিটি সমাৰোহ

By

Published : Oct 30, 2019, 1:56 PM IST

গুৱাহাটী,30অক্টোবৰঃ বুধবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হয় উত্তৰ-পূৱ বৈদ্যুতিক মোবিলিটি সমাৰোহ। প্ৰদূষণ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম ৰাজ্যিক পৰিবহন নিগমে অনুষ্ঠিত কৰিছে এই সমাৰোহৰ । উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি যানবাহন বৈদ্যুতিকৰণৰ ক্ষেত্ৰত বিশ্লেষণ আগবঢ়াই । তাৰোপৰি বৈদ্যুতিক যানবাহন ব্যৱহাৰৰ ফলত কি কি সুবিধা হ'ব তাৰ বিষয়ে আলোচনা কৰা হয় এই অনুষ্ঠানত।

৪ নৱেম্বৰৰ পৰা মহানগৰীত চলিব বৈদ্যুতিক বাছ

লগতে পঢ়কঃ অভিনয়ৰ মাজতে মঞ্চৰ পৰা সৰি পৰে অভিনেতা জেফী বক্সী

ইফালে এই সমাৰোহতে বিভিন্ন কোম্পানীয়ে বৈদ্যুতিক বাছ, বৈদ্যুতিক ৰিক্সা, বৈদ্যুতিক মটৰ চাইকেল প্ৰদৰ্শন কৰে । উল্লেখ্য যে এই অনুষ্ঠানত নীতি আয়োগৰ মিছন ডাইৰেক্ট অনিল শ্ৰীবাস্তৱ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, উপাধ্যক্ষ হৰিচৰণ বড়ো, পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ টিৱাৰীকে প্ৰমুখ্য কৰি বহুটো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে অহা ৪ তাৰিখৰ পৰা মহানগৰীৰ ৰাজপথত চলিব বৈদ্যুতিক বাছ । প্ৰথমে পৰীক্ষামূলকভাৱে ১৫ খন বাছ চলোৱাৰ ব্যৱস্থা কৰিছে অসম ৰাজ্যিক পৰিবহণ নিগমে । ইতিমধ্যেই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে।

ABOUT THE AUTHOR

...view details