গুৱাহাটী,৩০ অক্টোবৰ :২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা (Serial bomb blast in Assam)। সেই দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । এই দিনটোতে একালৰ বড়াে উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল (30 oct blasts)।
সেই দিনটো আছিল অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় (30 oct black day for Assam)। গুৱাহাটীৰ লগতে পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । সেই বিস্ফোৰণে কঁপাই তুলিছিল গুৱাহাটী মহানগৰীৰ গনেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও (Serial blasts in Guwahati)। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক ।
আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৪ টাকৈ বছৰ (14 years of Assam serial blasts) । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আঁকোৱালি লৈছিল পংগুত্ব, বহুজনে হেৰুৱাইছিল আত্মীয়ক । এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী (NDFB leader Ranjan Daimary)। এই ঘটনাৰ বাবে এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল (Assam serial blasts accused)।