অসম

assam

By

Published : Nov 6, 2021, 1:41 PM IST

ETV Bharat / state

বিজেপি মন্ত্ৰী-বিধায়ক শূন্য হ’ব অসম !

১৪ গৰাকীকৈ মন্ত্ৰী নাথাকিব অসমত, খালী হৈ পৰিব জনতা ভৱন ৷ কিন্তু কিয় ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

14-mlas-of-assam-will-take-part-in-three-days-workshop-at-mumbai
বিজেপি মন্ত্ৰী-বিধায়কশূণ্য হব অসম

গুৱাহাটী, ৬ নৱেম্বৰ : মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী আৰু বিধায়ক কাকোৱেই পোৱা নাযাব দিছপুৰৰ জনতা ভৱনত । জনতা ভৱন কিয়, গোটেই অসমখন চলাথ কৰিলেও তেওঁলোকক বিচাৰি পোৱা নাযাব । বিজেপিৰ ১৪ গৰাকী মন্ত্ৰী আৰু ৬২ গৰাকী বিধায়কৰ সাময়িক ঠিকনা হ’ব মায়ানগৰী মুম্বাই ।

এক কথাত পৰৱৰ্তী তিনিটা দিনৰ বাবে অসম, জনতা ভৱন আৰু দিছপুৰৰ বিধায়ক আৱাস মন্ত্ৰী-বিধায়ক শূন্য হৈ পৰিব । কিন্তু কিয় ? দৰাচলতে ১২ ৰ পৰা ১৪ নৱেম্বৰলৈ তিনিদিনীয়াকৈ মুম্বাইত অনুষ্ঠিত হ’ব বিজেপিৰ এক বিশাল প্ৰশিক্ষণ কাৰ্যসূচী ‌। এই কাৰ্যসূচীত বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক আৰু ৰাজ্যিক সাধাৰণ সম্পাদকক প্ৰদান কৰা হ’ব বিশেষ প্ৰশিক্ষণ ।

সেইমৰ্মে দলৰ চাৰিগৰাকী সাধাৰণ সম্পাদক ক্ৰমে ফণীন্দ্ৰ নাথ শৰ্মা, পল্লৱ লোচন দাস, পুলক গোঁহাই আৰু দিপ্লুৰঞ্জন শৰ্মায়েও সেই তিনিদিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব ।

মুম্বাইত অনুষ্ঠিত হ’ব বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

উল্লেখ্য যে, এইদৰে যদি তিনিদিনৰ বাবে ১৪ গৰাকীকৈ মন্ত্ৰী ৰাজ্যৰ বাহিৰত থাকে, তেন্তে সেই তিনিটা দিনত অসমত মন্ত্ৰী বুলিবলৈ উপস্থিত থাকিব কেৱল মিত্ৰদলৰ তিনিজনহে । তেওঁলোক ক্ৰমে- কেশৱ মহন্ত, অতুল বৰা আৰু উৰ্খাও গৌৰা ব্ৰহ্ম ।

উক্ত প্ৰশিক্ষণৰ প্ৰথম দিনাৰ কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থকাৰ লগতে অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰশিক্ষণৰ প্ৰথম নাইবা অন্তিম দিনা উপস্থিত থকাৰ কথা আছে ।

লগতে পঢ়ক :ছত্তিশগড়ত জিলা ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু মাওবাদীৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details