অসম

assam

ETV Bharat / state

Constituency delimitation final list:সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত ১৪টা লোকসভাৰ সমষ্টিৰ নতুনত্ব - final list of constituencies rescheduling

প্ৰস্তাৱিত খচৰাৰ বিপৰীতে চূড়ান্ত তালিকাত সলনি কৰা হৈছে এটা লোকসভা সমষ্টিৰ নাম । খচৰাত মঙলদৈৰ নাম দৰং, কলিয়াবৰৰ নাম কাজিৰঙা আৰু তেজপুৰ সমষ্টিৰ নাম শোণিতপুৰ কৰাৰ প্ৰস্তাৱ ৰখা হৈছিল । চূড়ান্ত তালিকাত কলিয়াবৰ সমষ্টিটো প্ৰস্তাৱিত অনুসৰি কাজিৰঙা আৰু তেজপুৰৰ নাম শোণিতপুৰ কৰা হৈছে । মঙলদৈ সমষ্টিটো দৰঙৰ সলনি দৰং-ওদালগুৰি নামেৰে নামাকৰণ কৰা হৈছে । লোকসভা সমষ্টিৰ ক্ষেত্রত খচৰাৰ দুই এটা সাল-সলনি কৰি প্ৰকাশ কৰা হৈছে চূড়ান্ত তালিকা ।

constituency_delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

By

Published : Aug 11, 2023, 10:46 PM IST

গুৱাহাটী,১১ আগষ্ট : প্রকাশ পালে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা । শুকুৰবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত খচৰাৰ বিপৰীতে সলনি হ’ল ১৯ টা বিধানসভা সমষ্টিৰ লগতে এটা লোকসভা সমষ্টিৰ নাম । প্ৰস্তাৱিত খচৰাৰ ওপৰত চূড়ান্ত তালিকাত এটা লোকসভা সমষ্টিৰ নাম সলনি কৰা হৈছে । কিন্তু সামগ্ৰিকভাৱে তিনিটা লোকসভা সমষ্টিৰ ক্ষেত্রত নতুনত্ব দেখা গৈছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত লোকসভা সমষ্টিৰ ক্ষেত্ৰত মঙলদৈ, কলিয়াবৰ আৰু তেজপুৰ সমষ্টিৰ নাম নতুনকৈ নামকৰণৰ প্ৰস্তাৱ দিয়া হৈছিল । সেই অনুসৰি পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ নতুন নাম দৰং, কলিয়াবৰ লোকসভা সমষ্টিৰ নাম কাজিৰঙা আৰু তেজপুৰ লোকসভা সমষ্টিৰ নাম শোণিতপুৰ কৰাৰ প্ৰস্তাৱ ৰখা হৈছিল । চূড়ান্ত তালিকাত কলিয়াবৰ সমষ্টিটো প্ৰস্তাৱিত অনুসৰি নতুনকৈ কাজিৰঙা নামেৰে নামাকৰণ কৰা হৈছে । সেইদৰে তেজপুৰ সমষ্টিৰ নামো প্ৰস্তাৱিত অনুসৰি শোণিতপুৰ কৰা হৈছে । আনহাতে মঙলদৈ সমষ্টিটো দৰং-ওদালগুৰি নামেৰে নামাকৰণ কৰা হৈছে । খচৰাত মঙলদৈ সমষ্টিটো দৰং কৰা হৈছিল যদিও চূড়ান্ত তালিকাত দৰং-ওদালগুৰি কৰা হৈছে ।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ আৰু ডিফু সমষ্টিক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । আনহাতে শিলচৰ লোকসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে । শিলচৰ সমষ্টিক এছ চিৰ বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱক লৈ বৰাক উপত্যকা উত্তপ্ত হৈ পৰিছিল যদিও চূড়ান্ত তালিকাত সেয়া সলনি কৰা নহ’ল ।

ইফালে চূড়ান্ত তালিকা অনুসৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত থাকিব ৯টা বিধানসভা সমষ্টি । সেই ৯ টা বিধানসভা সমষ্টি হৈছে - গোসাঁইগাঁও, দোতমা (এছ টি), কোকৰাঝাৰ (এছ টি), বাওখুংগৰী, পৰ্বতঝোৰা, ছিদলী চিৰাং (এছ টি), বিজনী, মানস আৰু বাক্সা (এছ টি) ৷

আনহাতে ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে ১১ টা বিধানসভা সমষ্টি । সেই বিধানসভা সমষ্টিত কেইটা হৈছে - গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বিৰসিং জাৰুৱা, বিলাসীপাৰা, মানকাচাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা সমষ্টি ।

সেইদৰে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে ১০টা বিধানসভা সমষ্টি । বৰপেটা লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে - অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ-সৰভোগ, বৰপেটা (এছ চি), পকাবেতবাৰী, বজালী, হাজো (এছ চি), বৰক্ষেত্ৰী, নলবাৰী আৰু টিহু ।

নতুনকৈ নামাকৰণ কৰা দৰং-ওদালগুৰি লোকসভা সমষ্টিত আছে ১১টা বিধানসভা সমষ্টি । বিধানসভা সমষ্টি কেইটা হৈছে -তামুলপুৰ (এছ টি), গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও, ওদালগুৰি (এছ টি), মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টি ।

সেইদৰে গুৱাহাটী লোকসভা সমষ্টিত ৰখা হৈছে ১০টা বিধানসভা সমষ্টি । বিধানসভা সমষ্টি কেইটা হৈছে - পশ্চিম গোৱালপাৰা (এছ টি), দুধনৈ (এছ টি), ছমৰীয়া, বকো-ছয়গাঁও (এছ টি), পলাশবাৰী, দিছপুৰ, ডিমৰীয়া (এছ চি), নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী সমষ্টি । গুৱাহাটী লোকসভা সমষ্টিত খচৰা অনুসৰি নতুনকৈ ডিমৰীয়া বিধানসভা সমষ্টি অন্তর্ভুক্ত কৰাৰ বিপৰীতে পশ্চিম গুৱাহাটী আৰু পূব গুৱাহাটী সমষ্টিৰ নাম সলনি কৰি নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল কৰা হৈছে । আনহাতে এছ চিৰ বাবে সংৰক্ষিত থকা বকো সমষ্টিক বকো-ছয়গাঁও নামাকৰণ কৰি এছ টিৰ বাবে সংৰক্ষিত কৰা হৈছে ।

আনহাতে জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ অধীনত আছে ৬টা বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টি কেইটা হৈছে - বোকাজান (এছ টি), হাওৰাঘাট (এছ টি), ডিফু (এছ টি), ৰংখাং (এছ টি), আমৰি (এছ টি) আৰু হাফলং (এছ টি) সমষ্টি ।

কৰিমগঞ্জ লোকসভা সমষ্টিৰ অধীনত ৬টা বিধানসভা সমষ্টি ৰখা হৈছে । সেই বিধানসভা সমষ্টি কেইটা হৈছে - হাইলাকান্দি, আলগাপুৰ-কাটলিচেৰা, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰাতাবাৰী (এছ চি) ।

অনুসূচিত জাতিৰ বাবে নতুনকৈ সংৰক্ষিত কৰা শিলচৰ লোকসভা সমষ্টিৰ অধীনত আছে ৭টা বিধানসভা সমষ্টি । এই সমষ্টি কেইটা হৈছে - লক্ষীপুৰ, উদৰবন্দ, কাটিগৰাহ, বৰখলা, শিলচৰ, সোণাই আৰু ঢলাই (এছ চি) ।

নগাঁও লোকসভা সমষ্টিত আছে ৮টা বিধানসভা সমষ্টি । এই বিধানসভা সমষ্টি কেইটা হৈছে - জাগীৰোড, (এছ চি), লাহৰীঘাট, মৰিগাঁও, ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰবা আৰু ৰহা (এছ চি)।

আনহাতে নতুনকৈ নামাকৰণ কৰা কাজিৰঙা লোকসভা সমষ্টিৰ অধীনত আছে ১০টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হৈছে - কলিয়াবৰ, বঢ়মপুৰ, বিন্নাকান্দি, হোজাই, লামডিং, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টি ।

একেদৰে নতুনকৈ নামকৰণ কৰা শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনত আছে ৯টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হৈছে - ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, নাদুৱাৰ, বিশ্বনাথ, বিহালী (এছ চি), গহপুৰ আৰু বিহপুৰীয়া সমষ্টি ৷ ইফালে ৯ টা বিধানসভা সমষ্টি ৰখা হৈছে লখিমপুৰ লোকসভা সমষ্টিত । বিধানসভা সমষ্টি কেইটা হৈছে - ৰঙানদী, নাওবৈচা (এছ চি), লখিমপুৰ, ঢকুৱাখনা (এছ টি), ধেমাজি (এছ টি), চিচিবৰগাঁও,জোনাই (এছ টি), শদিয়া আৰু ডুমডুমা সমষ্টি ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনত আছে মুঠ ১০টা বিধানসভা সমষ্টি । বিধানসভা সমষ্টি কেইটা হৈছে - মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়া, চাবুৱা-লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখাং আৰু নাহৰকটীয়া সমষ্টি ।

সেইদৰে যোৰহাট লোকসভা সমষ্টিৰ অধীনত আছে ১০টা বিধানসভা সমষ্টি । সমষ্টি কেইটা হৈছে - সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা, মাজুলী (এছ টি), টীয়ক, যোৰহাট, মৰিয়নী আৰু তিতাবৰ ।

উল্লেখ্য যে দুই-এটা সাল-সলনিৰ বাহিৰে প্ৰস্তাৱিত খচৰা অনুসৰিয়েই লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে । এই চূড়ান্ত তালিকাক বিভিন্ন দল-সংগঠন তথা সমষ্টিবাসী ৰাইজে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

ABOUT THE AUTHOR

...view details