গুৱাহাটী, 10 মাৰ্চ : আজিৰে পৰা আৰম্ভ অসম বিধান সভাৰ বাজেট অধিৱেশন ৷ আগন্তুক পাঁচ এপ্ৰিললৈ চলিবলগীয়া এই অধিৱেশনত সদন মুঠ ১৪ দিন বহিব (Budget Session 2023) । অহা ১৬ মার্চত বিত্তমন্ত্ৰীয়ে আগন্তুক ২০২৩ -২৪ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব (Budget session of Assembly) ।
ইপিনে উচ্ছেদ, ভুৱা এনকাউণ্টাৰ, বাল্য বিবাহ প্ৰতিৰোধৰ নামত হাৰাশাস্তি আদি বিভিন্ন বিষয়ক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ সাজু হৈছে বিৰোধী পক্ষ । বৃহস্পতিবাৰে সন্ধিয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত দলৰ বিধায়কসকলে বিভিন্ন নিয়মৰ অধীনত বিষয়সমূহ সদনত উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Assam budget 2023) ।
ইয়াৰ লগতে বিৰোধী পক্ষৰ বৈঠকত উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ সকলো নিৰ্দেশনা চৰকাৰে আওকাণ কৰা, বহু ক্ষেত্ৰত অমানৱীয় আচৰণ কৰা, দাম বৃদ্ধি নিয়ন্ত্ৰণ, দুর্নীতি, হত্যা-হিংসা বৃদ্ধি আদি বিষয়সমূহৰ লগতে সকলো গুৰুত্বপূৰ্ণ ইছ্যু চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে বৃহস্পতিবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈক কোনেও নিমন্ত্ৰণ নকৰিলে ।
বিধানসভা অধিৱেশনত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ো পূৰ্বৰ শাসক পক্ষৰ মূৰৰ কামোৰণি হোৱাৰ সম্ভাৱনা আছে । সদনত উত্থাপন হ’বলগীয়া অগ্ৰাধিকাৰ পাবলগীয়া বিষয় সমূহৰ সম্পৰ্কত গগৈয়ে ছ'চিয়েল মিডিয়া যোগে ৰাইজৰ মতামতো বিচাৰিছে । শেহতীয়া বাতৰি অনুসৰি চৰকাৰী পক্ষই সকলো ৰাজনৈতিক দলকে ৰাজ্যপালৰ ভাষণৰ সময়ত কোনো বাধা নিদিবৰ বাবে আহ্বান জনাইছে ।