অসম

assam

ETV Bharat / state

জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন - জাগীৰোড মহাবিদ্যালয়

সাংবাদিকসকল এখন সমাজৰ বিবেকস্বৰূপ : হৃষিকেশ গোস্বামী

জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন

By

Published : Mar 3, 2019, 11:02 PM IST

মৰিগাঁও, ৩ মাৰ্চ : সাংবাদিকসকল এখন সমাজৰ বিবেকস্বৰূপ । সাংবাদজগতৰ সকলো প্ৰত্যাহবান মুখামুখি হ'বলৈ সকলো সাংবাদিক সাজু হৈ থকা উচিত দেওবাৰে জাগিৰোডত জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে । জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনত সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা দিশৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

জাৰ্নেলিষ্ট এছচিয়েশ্যন অফ্ অসমৰ ত্ৰয়োদশ ত্ৰিবাৰ্ষিক অধিৱেশন
লগতে আগন্তুক নিতি বছৰৰ বাবে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আৰু মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনক ক্ৰমে সভাপতি, সম্পাদকৰূপে নাৰ্বাচিত কৰি এখন শক্তিশালী সমিতি গঠন কৰা হয় । ইপিনে উক্ত অধিৱেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকি প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে সাংবাদিকসকলক সততাৰে বাতৰি পৰিৱেশনৰ বাবে আহ্বান জনাই সাংবাদিকসকলৰ কল্যাণৰ বাবে সোণোৱাল চৰকাৰে আগবঢ়োৱা আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি সাংবাদিকতা জগতত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰে মুখামুখি হ'বলৈ প্ৰস্তুত থাকিব লাগে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details