গুৱাহাটী, ২৩ জানুৱাৰী :আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক ওপজা দিন (127th birth anniversary of Bose)৷ সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন দল সংগঠনে উদযাপন কৰিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপজা দিনটো । সোমবাৰে মহানগৰীৰ পল্টন বজাৰৰ নেতাজী চ’কটো আয়োজন কৰা হয় বসুৰ জন্মদিন (127th birth anniversary of Netaji Bose)৷
নেতাজী চ’কত সুভাষ বসুৰ জন্মদিন উদযাপন কৰে নেতাজী সুভাষ চন্দ্ৰ বসু জন্মদিন উদযাপন সমিতিয়ে (Netaji Subhash Chandra Bose Birthday Celebration) ৷ সোমবাৰে আয়োজিত এই জন্মদিনৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘নেতাজীৰ দেশপ্ৰেম, জাতীয়তাবাদ আৰু ৰাষ্ট্ৰৰ আদৰ্শই আমাৰ অস্তিত্বৰ প্ৰতিটো মুহুৰ্ত ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত উৎসৰ্গিত কৰাত আমাক সৰ্বকালৰ বাবে অনুপ্ৰাণিত কৰি আহিছে’’ ৷
তেওঁ লগতে কয়, ‘‘আজিৰ এই বিশেষ দিনটোত দেশমাতৃৰ মহান সন্তানগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । স্বাধীন ভাৰত সৃষ্টিৰ ক্ষেত্ৰত তেখেতৰ অনন্য বৰঙণি আছিল । তেখেতৰ দেশ প্ৰেম ভাৰত আৰু বিশ্বৰ নৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল আদৰ্শ’’ । লগতে মুখ্যমন্ত্ৰী শৰ্মাই ভাষণৰ প্ৰসংগত কয়, ‘‘কংগ্ৰেছ দলে স্বাধীনতা ল’ব বিচৰা সময়ত তৎকালীনভাৱে সিদ্ধান্ত ল’ব পাৰিছিল নেতাজীয়ে । উত্তৰ-পূবৰ লগত নেতাজীৰ এৰাব নোৱাৰা সম্পৰ্ক আছিল । উত্তৰ-পূব ভাৰতৰ আজাদহীন ফৌজ আছিল গৌৰৱোজ্জ্বল’’ ।
লগতে পঢ়ক :NF Railway GM at Lumding : লামডিঙত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ মহা প্ৰৱন্ধক আনচুল গুপ্তাৰ