অসম

assam

ETV Bharat / state

অসমতো বিজেপি সদস্য ভৰ্তি অভিযান আৰম্ভ

সমগ্ৰ দেশৰ লগতে অসমতো বিজেপি সদস্য ভৰ্তি অভিযানৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় বৃহস্পতিবাৰে ৷ গুৱাহাটী দিছপুৰস্থিত গড়কপ্তানি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত  বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ বাবে ১২৬ টা সমষ্টিত তত্বাবধায়ক নিযুক্তি দিয়া হয় এই সভাতে

অসমতো বিজেপি সদস্য ভৰ্তি অভিযান আৰম্ভ

By

Published : Jul 12, 2019, 4:27 AM IST

গুৱাহাটী 12 জুলাইঃসমগ্ৰ দেশৰ লগতে অসমতো বিজেপি সদস্য ভৰ্তি অভিযানৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ বৃহস্পতিবাৰে গুৱাহাটী দিছপুৰস্থিত গড়কপ্তানি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ বাবে ১২৬ টা সমষ্টিত তত্বাবধায়ক নিযুক্তি দিয়া হয় এই সভাত । তত্বাবধায়ক সকলক কৰ্মশালা পাতি সৰ্বস্তৰৰ লোকক বিজেপিত যোগদানৰ নিৰ্দেশ দিয়ে নেতৃত্বই৷ ইয়াৰ লগতে বানত ক্ষতিগ্ৰস্থ লোকক সহায়ৰ বাবেও অতিৰিক্ত 126 জনকো দায়িত্ব প্ৰদান কৰা হয়৷ ইয়াৰ ওপৰিও চলিত বৰ্ষতে বিজেপিয়ে 40 লাখ সদস্য ভৰ্তি কৰাৰ লক্ষ্য লৈছে৷ এই সভাতে বিজেপিয়ে নিযুক্তি দিয়ে সহযোগী সাংগঠনিক সম্পাদক৷ গীতাৰ্থ গোস্বামীক বিজেপিৰ সহযোগী সাংগঠনিক সম্পাদক নিযুক্তি প্ৰদান কৰে ।

অসমতো বিজেপি সদস্য ভৰ্তি অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details