অসম

assam

ETV Bharat / state

Sikkim Flood: ছিকিমত আৱদ্ধ অসমৰ ১২৪ গৰাকী শিক্ষাৰ্থী সুৰক্ষিতভাৱে গুৱাহাটীত উপস্থিত - ছিকিম বান

ছিকিমত আকস্মিকভাৱে অহা বানত আৱদ্ধ হৈ আছিল অসমৰ কেইবাজনো শিক্ষাৰ্থী ৷ অসম চৰকাৰৰ উদ্যোগত দেওবাৰে নিশা এই শিক্ষাৰ্থীসকলক সুৰক্ষিতভাৱে অসমলৈ ঘূৰাই অনা হয় ৷ আজি পুৱা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰে ৷ ইয়াৰ পাচতে গৃহ চহৰ অভিমুখে ৰাওনা হয় ছাত্ৰ-ছাত্ৰীসকল ৷

Sikkim Flood
ছিকিমত আৱদ্ধ অসমৰ ১২৪ গৰাকী শিক্ষাৰ্থী সুৰক্ষিতভাৱে গুৱাহাটীত উপস্থিত

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 11:27 AM IST

গুৱাহাটী, ৯ অক্টোবৰ:প্ৰাকৃতিক দুৰ্যোগৰ ফলত ছিকিমত আৱদ্ধ হৈ থকা অসমৰ ১২৪ গৰাকী শিক্ষাৰ্থী দেওবাৰে নিশা সুৰক্ষিতভাৱে গুৱাহাটীত আহি উপস্থিত হৈছে । সোমবাৰে পুৱা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হোটেল ৰেডিশ্যন ব্লু'ত উপস্থিত হৈ ঘৰমুৱা শিক্ষাৰ্থীসকলক অসমলৈ আদৰণি জনায় । শিক্ষাৰ্থীসকলৰ সমস্যাৰ বিষয়ে চিন্তা কৰি তেওঁলোকক সুৰক্ষিতভাৱে ঘৰলৈ অনাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জনায় ৰণোজ পেগুৱে ৷

শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ পাচত সংবাদ মাধ্যমৰ আগত কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ছিকিমত আৱদ্ধ হৈ থকা অসমৰ সকলো ছাত্ৰ-ছাত্ৰীক সুৰক্ষিতভাৱে ওভতাই অনাৰ বাবে অসম চৰকাৰে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । শিক্ষাৰ্থীসকলক ওভতাই আনিবলৈ ছিকিমলৈ যোৱা অসম চৰকাৰৰ বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকলকো তেওঁ ধন্যবাদ জনায় । তেওঁ লগতে কয় যে, ছিকিমৰ পৰা অসমলৈ ওভতনি যাত্ৰাৰ ঘাইপথটো বিচ্ছিন্ন হৈ পৰাত শিক্ষাৰ্থীসকলক বিশেষ বাছযোগে বিকল্প পথেৰে অসমলৈ অনা হৈছে ।

উল্লেখ্য যে, অসম চৰকাৰে ৰাজ্যখনৰ বাসিন্দাসকলক সহায় কৰিবলৈ ছিকিমলৈ আঠজনীয়া এটা দল প্ৰেৰণ কৰিছিল ।‌ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এএছডিএমএ) ঘূৰি আহিব বিচৰা ১৫ জন পৰ্যটককে ধৰি অসমৰ পৰা অহা ৯০ লোকৰ এখন তালিকা প্ৰস্তুত কৰিছিল । কিন্তু ছিকিমৰ নিম্নমুখী অঞ্চলসমূহৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সংখ্যা বৃদ্ধি পাইছে ।

আঠজনীয়া দলটোৱে শনিবাৰে ছিকিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতে আলোচনা কৰিছিল । দলটোৰ নেতৃত্ব দিছিল আই. এ. এছ. বিষয়া মেঘা নিধি দাহালে । চৰকাৰী সূত্ৰত প্ৰকাশ‌ পোৱা‌ মতে ১২৪ জন ছাত্ৰ-ছাত্ৰীক পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ গেংটকৰ পৰা মানবাজাৰ মহকুমালৈ ছয়খন অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছযোগে অনা হয় ।

গেংটক আৰু শিলিগুৰিৰ মাজৰ এক প্ৰধান সংযোগ ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ একাধিক স্থানত ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বাছবোৰে বিকল্প পথেৰে মানবাজাৰলৈ আহে ।‌ তাৰ‌ পৰা অসম অভিমুখে ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছবোৰে যাত্ৰা কৰে । দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰীসকল গুৱাহাটীত উপস্থিত হয় ।‌ ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ ৰেডিশ্যন‌ ব্লু‌ হোটেলত নিশা থকাৰ ব্যৱস্থা কৰা হয় ।‌‌ সোমবাৰে পুৱা‌ ছাত্ৰ-ছাত্ৰীসকলক বাছেৰে গৃহ চহৰলৈ পঠোৱা হয় ।‌

লগতে পঢ়ক:Indian Army rescue operation : ছিকিমত আৱদ্ধ 1700 পৰ্যটকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ABOUT THE AUTHOR

...view details