গুৱাহাটী, 11 ছেপ্তেম্বৰ :মহানগৰীৰ হাতীগাঁওস্থিত মাডাৰ বৃদ্ধাৱাসৰ 12 গৰাকী আৱাসী ক'ভিড-19 ত আক্ৰান্ত ৷ প্ৰথম অৱস্থাত এগৰাকী আৱাসীৰ জ্বৰ হোৱাত সকলো আৱাসীৰ টেষ্ট কৰিছিল স্বাস্থ্য বিভাগৰ লোকে আৰু তেতিয়াই 12 গৰাকী আৱাসীৰ দেহত ধৰা পৰিছিল ক'ভিড-19 পজিটিভ ৷
লগে লগে ক'ভিড-19 ত আক্ৰান্ত আৱাসী সকলক MMCH,GMCHআৰু ডিপিএচস্থিত কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ লগতে হোম কোৱাৰেন্টাইনতো ৰাখিছে বহু কেইগৰাকী আৱাসীক ৷ আনহাতে,আক্ৰান্ত আৱাসী সকলৰ ভিতৰত এগৰাকী আৱাসীৰ বয়স 95 বছৰ বুলি জানিব পৰা গৈছে ৷