গুৱাহাটী, ২১ অক্টোবৰ :আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবে ২৬ অক্টোবৰত বৈঠকত মিলিত হ'ব বিৰোধী ঐক্য মঞ্চ । বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল । এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায় সকলো বিৰোধী দলেই ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 'INDIA' ৰ দৰে অসমত ঐক্যবদ্ধ হৈছে ১২ টা দল ।
ইতিমধ্যে অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চই কেইবালানি বৈঠকত মিলিত হৈছে যদিও লোকসভা নিৰ্বাচনত কাৰ কিমান আসন থাকিব, সেই লৈ আলোচনা কৰা নাই । বিৰোধী ঐক্য মঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লক্ষণীয় বিষয় যে, দীঘলীয়া সময় বিৰোধী ঐক্য মঞ্চৰ কোনো ধৰণৰ বৈঠক অনুষ্ঠিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্যত আউল লগা পৰিলক্ষিত হৈছে । বিশেষকৈ আসনৰ প্ৰসংগক লৈ মনোমালিন্য হোৱা দেখা গৈছে । ইফালে কংগ্ৰেছৰ ১৪ টা লোকসভা সমষ্টিৰ বাবে ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিচত বিৰোধী ঐক্যত থকা দলসমূহৰ মাজত অসন্তুষ্টিয়ে বিৰাজ কৰিছে । যাৰ সুযোগ গ্ৰহণ কৰি শাসকীয় দলে বিৰোধী ঐক্যক সমালোচনাৰে থকা-সৰকা কৰিছে ।
এনে প্ৰেক্ষাপটত বিৰোধী ঐক্য যাতে বিঘ্নিত নহয়, তাৰ বাবে কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চৰ বৈঠকৰ আয়োজন কৰিছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিবলৈ দিয়া মতে, ২৬ অক্টোবৰৰ বিয়লি বিৰোধী ঐক্য মঞ্চৰ এখন বৈঠক আহ্বান কৰা হৈছে ।
১২ টা দলৰ নেতৃত্বকলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে । বৈঠকৰ কেউটা দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কথা আলোচনা কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । আনহাতে, বৈঠকত প্ৰতিটো দলে নিজা নিজা বিষয় উত্থাপন কৰিব । আগন্তুক লোকসভা নিৰ্বাচনক লৈ দলসমূহৰ নিজা চিন্তা-চৰ্চা বৈঠকত উত্থাপন কৰিব ।
তেওঁ লগতে জানিবলৈ দিয়ে যে সকলো দলেই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোনো কথা নাই । সকলোৱে প্ৰাৰ্থীত্ব বিচৰাৰ কথা নাই । এই বৈঠকৰ পাচত পুনৰ প্ৰয়োজন হ'লে দিল্লীত বৈঠক কৰা হ'ব বুলি তেওঁ কয় । উল্লেখ্য যে, বিৰোধী ঐক্যত থকা প্ৰায় প্ৰতিটো দলেই লোকসভা নিৰ্বাচনৰ বাবে নিজাকৈ কুচ-কাবাজ ইতিমধ্যেই আৰম্ভ কৰিছে ।