অসম

assam

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

দৰমহাৰ ধনেৰে সন্তুষ্ট নোহোৱা ঘোচখোৰ বিষয়া কৰ্মচাৰীয়ে আৰক্ষীৰ ব্যাপক অভিযানৰ পিছতো উৎকোচ লোৱাৰ মানসিকতা ত্য়াগ কৰা নাই। ফলত এমাহতেই ধৰা পৰিল ১২গৰাকী কৰ্মচাৰী । ধৰা পৰিছে আৰক্ষী বিষয়াও। পোনপটীয়া অভিযোগ দিবলৈ অসম আৰক্ষীয়ে মুকলি কৰিছে টোল ফ্ৰী আৰু হোৱাটছএপ(Assam Police launches toll free number)নম্বৰ।

By

Published : Aug 20, 2022, 2:00 PM IST

Published : Aug 20, 2022, 2:00 PM IST

ETV Bharat / state

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

Anti Corruption Branch
এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

গুৱাহাটী,২০ আগষ্ট: দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহাৰ পিছতো লোভ এৰিব পৰা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। সেইবাবে এনে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। দৰমহাৰ ধনেৰে সন্তুষ্ট নোহোৱা ঘোচখোৰ বিষয়া-কৰ্মচাৰীয়ে আৰক্ষীৰ ব্যাপক অভিযানৰ পিছতো উৎকোচ লোৱাৰ পৰা আঁতৰি থকা নাই । ফলত এমাহতেই ধৰা পৰিল ১২গৰাকী বিষয়া-কৰ্মচাৰী ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

উল্লেখ্য যে শেহতীয়াকৈ উৎকোচ লৈ ধুবুৰীৰ হাদুৰহাট ধৰ্মশালাৰ পৰা উচ্চবৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ক হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক শাখাই(Anti Corruption Branch)। ইয়াৰ পূৰ্বে বিগত ৩০দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন পক্ষৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানত ধৰা পৰিছে ১২গৰাকীকৈ বিষয়া-কৰ্মচাৰী ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

যোৱা ১৮ আগষ্টত চলোৱা অভিযানৰ পূৰ্বে ১৭ আগষ্টত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল কামৰূপ জিলাৰ ৰাণীৰ অন্তৰ্গত ব্লক শিক্ষা সম্প্ৰসাৰণ বিষয়া(BEEO)লাচিত বসুমতাৰী । ছাৰ্ভিচ বুক উন্নীতকৰণৰ বাবে ধন দাবী কৰি হাতে-লোটে ধৰা পৰিছিল এইজন কৰ্মচাৰী । আনহাতে,ইয়াৰ পূৰ্বে ধৰা পৰিছিল অসম ৰাজ্যিক পৰিবহণ বিভাগৰ এজন জ্যেষ্ঠ সহায়ক দেৱেশ্বৰ তালুকদাৰ ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

প্ৰশাসনৰ কৰ্মচাৰী-বিষয়াই নহয়, দুৰ্নীতি বিৰোধী অভিযানত অলপতে গ্ৰেপ্তাৰ হয় চবিন পাল দাস নামৰ অসম আৰক্ষীৰ এজন সহকাৰী উপ পৰিদৰ্শক । গোৱালপাৰা আৰক্ষী থানাৰ এইজন আৰক্ষী বিষয়াক ৭ আগষ্টত ধন লৈ থকা অৱস্থাতে হাতে-লোটে ধৰা পেলোৱা হয়।ইপিনে,যোৱা ১১ আগষ্টত গ্ৰেপ্তাৰ হয় তামুলপুৰৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস । তেনেদৰে আবকাৰী বিভাগৰ পৰিদৰ্শক লোহিত ফুকনক গোলাঘাট জিলাৰ বোকাখাতত ১১ আগষ্টত উৎকোচ লৈ থকা অৱস্থাতে ধৰা পেলোৱা হয় ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

উল্লেখ্য যে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ধন বিচাৰি আতিশয্য চলালে ইয়াৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ দিবলৈ শেহতীয়াকৈ অসম আৰক্ষীয়ে মুকলি কৰিছে টোল ফ্ৰী আৰু হোৱাটছ এপ নম্বৰ(Assam Police launches toll free number)। সেই অনুসৰি ১৮০০৩৪৫৩৭৬৭ টোল ফ্রী নম্বৰেৰে আৰু ৬০২৬৯০১২৪৩ হোৱাটছএপ(Assam Police launches WhatsApp number) নম্বৰেৰে উৎকোচ বিচৰা কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

এনে আহ্বানৰ পাছতে ৬ আগষ্টত দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিছিল পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ(Bhattadeva University)পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰ । গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা এইজন পঞ্জীয়কক আৰক্ষীয়ে জাল পেলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

আনহাতে,৪ আগষ্টত ধৰা পৰিছিল চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰৰ লাট মণ্ডল হৰিপ্ৰসাদ দাস । যোৱা ৩ আগষ্টত ঘোচ লৈ থকা অৱস্থাত ধৰা পৰিছিল কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথ । এনে অভিযানৰ মাজতে দুৰ্নীতি নিবাৰক শাখাৰ অন্যতম সফলতা আছিল শিলচৰত গ্ৰেপ্তাৰ হোৱা বন বিষয়া দেৱব্ৰত গগৈ । কাছাৰ জিলাৰ লক্ষীপুৰ ৰেঞ্জৰ এইজন বন বিষয়াই ৰাষ্ট্ৰীয় ঘাইপথত উৎকোচ লৈ পলাবলৈ বিচাৰোঁতেই অভিযানকাৰী দলে খেদি খেদি গৈ এক কিলোমিটাৰ দূৰত্বত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

ইপিনে, বিগত ২৯ জুলাইত ঘোচ লৈ থকা অৱস্থাত ধৰা পৰিছিল ডিব্ৰুগড়ৰ খোৱাঙৰ বি ই ই অ' কাৰ্যালয়ৰ(BEEO Office in Khowang) 'ডিলিং এছিছটেণ্ট' নৱজ্যোতি শৰ্মা । সিদিনাই উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পৰে মৰিগাঁও জিলাৰ আবকাৰী অধীক্ষক বৰ্ষা বৰা বৰদলৈ । আনহাতে, ১৯ জুলাইত বাক্সাত চলোৱা অভিযানত ধৰা পৰিছিল স্বাস্থ্যসেৱা বিভাগৰ জ্যেষ্ঠ সহায়ক বিপিন কলিতা ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

ইফালে, শেহতীয়াকৈ ধুবুৰীৰ হাদুৰহাট ধৰ্মশালাৰ পৰা উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে যতীন্দ্ৰ নাথ ৰয়ক । তেওঁ কাম কৰাৰ বিনিময়ত দুহেজাৰ টকাৰ উৎকোচ বিচাৰিছিল । এজন লোকৰ ছাৰ্ভিচ বুক (Service Book)পূৰ্বৰ পোষ্টিং স্থানৰ পৰা বৰ্তমানৰ পোষ্টিং স্থানলৈ স্থানান্তৰণৰ বাবে এই ধন দাবী কৰাৰ পিছতে লোকজনে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰে ।

এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

এই অনুসৰি উৎকোচ লৈ থকা সময়তে হাতে-লোটে ধৰা পেলায় ৰয়ক । লক্ষণীয় বিষয় যে শেহতীয়াকৈ ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে । কিন্তু ইয়াৰ বিপৰীতে বিয়াগোম দুৰ্নীতি-অনিয়ম তথা কেলেংকাৰীত জড়িত সকল এতিয়াও এই অভিযানৰ আওতালৈ অহা নাই ।

লগতে পঢ়ক:অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত সবিশেষ প্ৰকাশ ছেবাৰ

ABOUT THE AUTHOR

...view details