গুৱাহাটী, 6 জানুৱাৰী : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰিছে অসম গ্ৰন্থমেলা ৷ তৃতীয় বাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাত ব্যাপক জনসমাগম ঘটা পৰিলক্ষিত হৈছে ৷ 12 দিনীয়াকৈ আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি নৱম দিন ৷আজিৰ দিনটোত পুৱাৰে পৰা পঢ়ুৱৈৰ সমাগম ঘটিছে অসম গ্ৰন্থমেলাত ৷
বিগত আঠ দিনত গ্ৰন্থমেলাত আঢ়ৈ কোটিতকৈয়ো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে ৷ সমাদৰ লাভ কৰিছে ন- পুৰণি লেখক-লেখিকাৰ গ্ৰন্থই ৷ এইবাৰ সকলো শ্ৰেণীৰ গ্ৰন্থ পাঠকে আদৰি লৈছে বুলি উল্লেখ কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ ইয়াৰ বিপৰীতে গ্ৰন্থমেলাৰ সামগ্ৰীক পৰিৱেশত ব্যাপক খেলি-মেলিৰ অভিযোগ উত্থাপন হৈছে ৷ অত্যাধিক হাৰত ষ্টলৰ ভাড়া বৃদ্ধিয়ে মাধমাৰ সোধাইছে পুথি বিক্ৰেতা সকলক ৷
পূৰ্বতকৈ 5 হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছে ষ্টলৰ ভাড়া ৷ প্ৰতিখন একক ষ্টলৰ বাবদ 20 হাজাৰ টকাকৈ ভাড়া লৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিক্ৰেতা সকলে ৷ পূৰ্বতে একক ষ্টৰত 10 হাজাৰ টকা আছিল যদিও বিগত বৰ্ষত 15 হাজাৰ কৰাৰ পিছত এইবাৰ ভাড়াৰ পৰিমাণ 20 হাজাৰ কৰে উদ্যোক্তা সকলে ৷ যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে প্ৰকাশক তথা বিক্ৰেতাসকল ৷